অষ্টাদশ লোকসভা নির্বাচনৰ কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। এই পৰ্যায়ত মুঠ ৯০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ছখন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ ৩ খন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হ’ব। কাইলৈ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব। এই পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব। ইয়াৰ ভিতৰত আছে -প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চান্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাৎ কৌৰ বাদল, আৰ জে দি নেতা লালুপ্রসাদ যাদৱৰ কন্যা মিছা ভাৰতী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, অভিনেত্রী কংগনা ৰাণাৱৰ্ট আদি।
সংশ্লিষ্ট অঞ্চলসমূহত স্বচ্ছ আৰু নিকা পদ্ধতিৰে ভোটগ্রহণ অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। জ্যেষ্ঠ নাগৰিক তথা দিব্যাংগসকলকে ধৰি প্ৰতিগৰাকী ভোটদাতাৰ ভোটদানৰ সুচলতা সুনিশ্চিত কৰাৰ বাবে বিশ্রামস্থলৰে পৰা আৰম্ভ কৰি খোৱাপানীৰ সু-ব্যৱস্থা, দিব্যাংগ লোকসকলৰ যাতায়াতৰ সুচলতাৰ বাবে ৰেম্প, অনাময় ব্যৱস্থাকে ধৰি বিদ্যুৎ যোগান আদি সকলো দিশতে আয়োগে গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া, জিলা নির্বাচনী বিষয়া আৰু সংশ্লিষ্ট সকলোকে গ্ৰীষ্ম প্ৰৱাহৰ পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ভোটগ্রহণ হ’বলগীয়া অঞ্চলসমূহত উদ্ভৱ হ’ব পৰা যিকোনো অপ্রীতিকৰ পৰিস্থিতি এৰাই চলিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
Assamese | May 31, 2024 6:06 PM | ECI LOKSABHA ELECTION | Lok Sabha Elections 2024 | Lok Sabha polls | Lok Sabha seats | Political
কাইলৈ সপ্তম তথা অন্তিম পর্যায়ত ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত ভোটগ্রহণ