June 10, 2024 11:40 AM

views 17

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত তীৰ্থযাত্ৰীভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত; ১০গৰাকীৰ মৃত্যু, আহত ৩৩গৰাকী

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ তিৰয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩জন আহত হয়। বাছখন শিৱ খ’ৰি পৱিত্ৰ গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়েছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শৰ্মাই কৈছে...

June 10, 2024 11:38 AM

views 21

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৭.৪৫ বজাত ‘চলন্তিকা’ত অধিবক্তা মাখন ফুকনৰ সৈতে কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৭ বাজি ৪৫ মিনিটত চলন্তিকাত নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী গোটৰ বিশেষ চৰকাৰী অধিবক্তা মাখন ফুকনৰ সৈতে হোৱা এটি কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব হেমন্ত বৰাই।

June 10, 2024 11:36 AM

views 34

জার্মানীত অনুষ্ঠিত হেইলব্ৰানাৰ নেকৰকাপ চেলেঞ্জাৰ্ছ খিতাপ দখল ভাৰতৰ সুমিত নাগলৰ

ভাৰতৰ সুমিত নাগলে জার্মানীত অনুষ্ঠিত হেইলব্ৰানাৰ নেকৰকাপ চেলেঞ্জাৰ্ছ খিতাপ দখল কৰিছে। ফাইনেলত নাগলে ছুইজাৰলেণ্ডৰ আলেকজেণ্ডাৰ ৰিছাৰ্ডক ৬-১, ৬-৭, ৬-৩ ছেটত পৰাস্ত কৰে। এয়া হৈছে নাগলৰ ষষ্ঠ এ টি পি চেলেঞ্জার্ছ খিতাপ। উল্লেখযোগ্য যে, এই জয়েৰে ভাৰতীয় খেলুৱৈগৰাকী পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাটো প্ৰা...

June 9, 2024 8:38 PM

views 23

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীৰ

এন ডি এৰ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে তেওঁক শপত বাক্য পাঠ কৰোৱায়। নতুন কেন্দ্রীয় কেবিনেটৰ মন্ত্ৰীসকলেও কাৰ্য্যালয় আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰে। বিজেপিৰ জ্যেষ্ঠ...

June 9, 2024 8:07 PM

views 30

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত

ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। এই শপতগ্রহণ অনুষ্ঠান ভূৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপতগ্রহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পর্যন্ত মুখ্যমন্ত্রী কোন হ'ব সেয়া চূড়...

June 9, 2024 8:02 PM

views 31

ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন চাৰিজনীয়া সমিতি গঠন

কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপন তথা প্ৰৱেশ পৰীক্ষাত ১৫০০ ৰো অধিক পৰীক্ষাৰ্থীক গ্ৰেচ মাৰ্ক প্ৰদান কৰা বিষয়ৰ পৰ্যালোচনাৰ অৰ্থে এখন চাৰিজনীয়া সমিতি গঠন কৰিছে। সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্রধ...

June 9, 2024 7:57 PM

views 39

অনৱাৰুল অজিম অনাৰৰ হত্যাৰ আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

পশ্চিমবংগ আৰক্ষীয়ে বাংলাদেশ আৱামী লীগ পাৰ্টীৰ সাংসদ অনৱাৰুল অজিম অনাৰৰ হত্যাৰ আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকজনক ছিয়াম হুছেইন বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোকজনক ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ উত্তৰ চবিবছ পৰগনা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে। বাংলাদেশ আৱামী লীগ পাৰ্টীৰ সাংসদ অনৱা...

June 9, 2024 7:53 PM

views 15

গাজাত হামাছৰ বন্দীত্বৰ পৰা চাৰিজন পনবন্দীক সফলতাৰে উদ্ধাৰ ইজৰাইলৰ

ইজৰাইলে নুচেইৰাটত চলোৱা অভিযানৰ সময়ত গাজাত হামাছৰ বন্দীত্বৰ পৰা চাৰিজন পনবন্দীক সফলতাৰে উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰিছে। যোৱা বছৰৰ ৭ অক্টোবৰত নোভা সংগীত মহোৎসৱৰ হামাছ সন্ত্ৰাসবাদী সংগঠনে চাৰিওজনকে পনবন্দী কৰি লৈছিল। কৰ্তৃপক্ষই জনোৱা মতে, মধ্য গাজা ষ্ট্ৰীপত এক জটিল বিশেষ অভিযানত চাৰিওজনক উদ্ধাৰ কৰা হৈছে...

June 9, 2024 8:11 PM

views 30

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত কাৰ্লোচ অলকৰাজ গার্ফিয়া আলেকজেণ্ডাৰ জেৱৰেভৰ বিৰুদ্ধে অৱৰ্তীণ

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়া আজি ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত চতুর্থ বাছনিপ্রাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেৱৰেভৰ মুখামুখি হৈছে।  খেলখনত ২১ বছৰীয়া অলকৰাজ খেলুৱৈ জীৱনৰ তৃতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ দখলৰ মানসেৰে অৱতীৰ্ণ হৈছে। অলকৰাজ ইতিমধ্যে ২০২২ চনত ইউ এছ অপেন আৰু ২০২৩ চনত...

June 9, 2024 8:39 PM

views 24

ৰাজ্যজুৰি বীৰ পুৰুষ বীৰচা মুণ্ডাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন

আদিবাসীসকলৰ বীৰ পুৰুষ বীৰচা মুণ্ডাৰ আজি মৃত্যু তিথি। প্রবাদপ্রতীম জনজাতীয় নেতাজনৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাই মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই আজি বীৰচা মুণ্ডাৰ মাতৃভূমিৰ হৈ ব্ৰিটিচ অপশাসনৰ বিৰোধী স্থিতিক স্মৰণ কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যজুৰি বীৰ পুৰুষজনৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰ...