June 15, 2024 1:52 PM

views 29

দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৫ হাজাৰ ৫৮১ কোটি ৭০ লাখ ডলাৰৰ সৰ্বকালৰ সৰ্বোচ্চ পর্যায়লৈ বৃদ্ধি

৭ জুনত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৪৩০ কোটি ৭০ লাখ ডলাৰ বৃদ্ধি পাই ৬৫ হাজাৰ ৫৮১ কোটি ৭০ লাখ ডলাৰৰ সৰ্বকালৰ সৰ্বোচ্চ পর্যায় পাইছেগৈ। ইয়াৰ পূৰ্বে যোৱা সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৪৮৩ কোটি ৭০ লাখ ডলাৰ বৃদ্ধি পাই ৬৫ হাজাৰ ১৯১ কোটি ডলাৰ হৈছ...

June 15, 2024 1:47 PM

views 36

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত কালি স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক লৈ নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নতুন চৰকাৰ গঠনৰ প্ৰথম ১০০ দিনৰ ভিতৰত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়। দেশজুৰি চিকিৎসা সুবিধা আৰু স্বাস্থ্য ব্যৱস্...

June 15, 2024 1:44 PM

views 27

ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত ৰাষ্ট্ৰপতি মুৰ্মুৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে পৰহি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ওড়িশাৰ কৃষিভিত্তিক উৎসৱ ৰাজা পৰ্বত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজা গীত, ময়ুৰভঞ্জ ছাউ নৃত্য, সম্বলপুৰী নৃত্য, কৰ্মা নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানৰ সাক্ষী হয়। ৰাষ্ট্ৰপতি ভৱনত প্ৰথমবাৰৰ বাবে ৰাজা পৰ্ব উদযাপন কৰা হ...

June 15, 2024 1:32 PM

views 21

আজিৰে পৰা ২১ জুনলৈকে ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

মুম্বাইত আজিৰে পৰা ২১ জুনলৈ ৭ দিনীয়াকৈ ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব। National Geographic's ৰ তথ্যচিত্ৰ ‘Billy and Molly: An Otter Love Story'ৰ প্ৰদৰ্শনৰে এই মহোৎসৱৰ আৰম্ভণি হ'ব। উদ্বোধনী বোলছবিখন আজি দিল্লী, ক'লকাতা, চেন্নাই আৰু পুনেত সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হ'ব। ...

June 15, 2024 1:34 PM

views 29

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি G-7 শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলনিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। প্রধানমন্ত্রীদ্বয়ে উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক লৈ আলোচনা কৰে আৰু অনাগত সময়ত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা অধিক বৃদ্ধি পাব বুলি আ...

June 15, 2024 1:00 PM

views 30

২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ’বঃ মুখ্যমন্ত্ৰী

নামৰূপত কালি ২৫ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই ২০৩০ বৰ্ষৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱাট সৌৰশক্তি উৎপাদন সম্ভৱ হ'ব বুলি আশা প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, অসম দেশৰ ভিতৰত এখন সৌৰশক্তি উৎপাদনকাৰী অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰিত হোৱাৰ দিশে আগবাঢ়িছে। সৌৰশক্তি উৎপাদনৰ বাবে ৰ...

June 15, 2024 12:45 PM

views 26

এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত সুমিত নাগল ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ সুমিত নাগল ইটালীত অনুষ্ঠিত এ টি পি ছেলেঞ্জাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। সুমিতে কালি কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ মেক্স কাছনিকোৰ্ত্তিক ৬-৪, ৭- ৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। সুমিত আজি ছেমি ফাইনেলত স্পেইনৰ বৰ্নাবে জপাতা মিৰালেজৰ সন্মুখীন হ'ব।

June 15, 2024 12:42 PM

views 27

সৰ্বভাৰতীয় উইণ্ড ছার্ফিং চেম্পিয়নশ্বিপত নিশামণি বৰাৰ সোণৰ পদক অৰ্জন

অসমৰ নিশামণি বৰাই চেন্নাইত আয়োজিত সৰ্বভাৰতীয় উইণ্ড ছার্ফিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰি কয় যে, মহিলাসকলে সম্প্রতি বহু বাধা অতিক্রমী প্রায় সকলো ক্ষেত্ৰতে উচ্চ স্থান লাভ কৰিছে। নিশামণি বৰাৰ সফলতা ৰাজ্য গৌ...

June 15, 2024 12:37 PM

views 35

টি-টুৱেণ্টি বিশ্বকাপত আজি নিশা ৮ বজাত ভাৰত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি ফ্লৰিডাত হ'বলগীয়া আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, আয়াৰলেণ্ডৰ বিৰুদ্ধে লৌডেৰহিলত হ'বলগীয়া খেলখন নেৰা নেপেৰা বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত আম...

June 15, 2024 12:31 PM

views 16

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কালি সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে। এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। গুৱাহাটী আ...