June 15, 2024 9:19 PM

views 17

গুৱাহাটীৰ বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মকৰ্তাৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতবিনিময়

কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি সর্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। পুনৰ এবাৰ অসম তথা দেশৰ উন্নয়নৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। অসমৰ দুগৰাকী প্ৰতিনিধিক মন্ত্রীসভাত সুযোগ দ...

June 15, 2024 9:17 PM

views 21

আগৰতলাৰ পৰা ছাব্ৰুমলৈ আৰু লামডিঙৰ পৰা মৰিয়নিলৈ ৰে’লসেৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত উত্তৰ-পূব ৰে’লৱেৰ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই আগৰতলাৰ পৰা ছাব্ৰুমলৈ শিয়ালদহ-আগৰতলা-শিয়ালদহ সংযোগী কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু আলিপুৰদুৱাৰ জংছনৰ পৰা লামডিং হৈ আলিপুৰদুৱাৰ জংছন সংযোগী ইণ্টাৰছিটী এক্সপ্ৰেছৰ সেৱা লামডিঙৰ পৰা মৰিয়নিলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। কাইলৈৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। উত্তৰ-পূব সীমান্ত ৰে’লৱে...

June 15, 2024 9:16 PM

views 23

বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰে বৈঠক

ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি আঁচনিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই বৈঠকত জিলাখনৰ আয়ুক্ত নৱদীপ পাঠকে মন্ত্ৰীগৰাকীক আঁচনিসমূহৰ বিভিন্ন দিশ সন...

June 15, 2024 9:11 PM

views 10

‘ছেবা’ৰ উদ্যোগত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কামৰূপ একাডেমীত অনুষ্ঠিত প্ৰশিক্ষণৰ সামৰণি

অসম মাধ্যমিক শিক্ষা পৰিষদ অর্থাৎ ছেবাৰ উদ্যোগত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা ১১ জুনৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণৰ আজি সামৰণি পৰে। কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ উদ্যোগত আৰু জিলাখনৰ অধিবিদ্যা পৰিষদ তথা অভ্যন্তৰীণ পৰীক্ষা বোৰ্ডৰ...

June 15, 2024 9:08 PM

views 23

হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুস্কৰৰ ১১৩টা দুষ্প্রাপ্য কাছৰ পোৱালি ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ

হাজোৰ ঐতিহাসিক শ্ৰীশ্ৰীহয়গ্ৰীৱ মাধৱ মন্দিৰৰ বিষ্ণু পুস্কৰত থকা ১১৩টা দুষ্প্রাপ্য কাছৰ পোৱালি অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছে। স্থানীয় বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত কাছকেইটা ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়। চিৰিয়াখানাত কাছকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ...

June 15, 2024 9:07 PM

views 18

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩টা সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাত ওজৰ-আপত্তি দাখিলৰ দিন ৩০ জুন ধাৰ্য

সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১৩টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশিত খচৰাৰ ক্ষেত্ৰত ওজৰ-আপত্তিৰ দাখিলৰ দিন অহা ৩০ জুন ধাৰ্য কৰা হৈছে। দাবী আৰু আপত্তিসমূহৰ নিষ্পত্তিকৰণৰ অন্তিম দিন অহা ৭ জুলাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰকাশিত খচৰাৰ ক্ষেত্ৰত কিবা দাবী বা আপত্তি থাকিলে স...

June 15, 2024 6:43 PM

views 22

যোৰহাটত ইকবাল আহমেদ নামৰ বন বিষয়াক হাতে-লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ

ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। উৎকোচ লোৱাৰ অভিযোগত আজি দুর্নীতি নিবাৰক শাখাই যোৰহাটত ইকবাল আহমেদ নামৰ বন বিষয়াক হাতে-লোটে ধৰা পেলায়। এক লাখ ২০ হাজাৰ টকা উৎকোচ লওঁতেই অভিযানকাৰী দলে বিষয়াজনক গ্ৰেপ্তাৰ কৰে।

June 15, 2024 6:39 PM

views 22

বৰপেটা জিলাৰ কেইবাটাও অঞ্চল বানৰ কবলত

কালি সন্ধিয়াৰ পৰা অব্যাহত থকা বৰষুণৰ ফলত বৰপেটা জিলাৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। সমান্তৰালভাৱে জিলাখনৰ নৈ-উপনৈ সমূহৰো জলস্তৰ বৃদ্ধি পাইছে। হাউলী পৌৰসভা অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্থানীয় লোকসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বানৰ বাবে হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহ...

June 15, 2024 6:38 PM

views 12

শিৱসাগৰৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱন মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ বিষ্ণুনগৰত নতুনকৈ নিৰ্মাণ কৰা ন্যায়িক আদালতৰ ভৱনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই ভৱনটো উদ্বোধন কৰাৰ লগে লগে সকলো ন্যায়িক কার্য একেটা ভৱনতে সম্পন্ন হ'ব। আদালত ভৱনটো উদ্বোধন কৰি মু...

June 15, 2024 2:58 PM

views 24

মঙলদৈ জিলা পুথিভঁৰালত ‘বিষ্ণু ৰাভাৰ আভা’ শীৰ্ষক এখন নাট মঞ্চস্থ হ’ব

মঙলদৈ জিলা পুথিভঁৰালত সমাগত ৰাভা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিষ্ণু ৰাভাৰ আভা শীৰ্ষক এখন নাট মঞ্চস্থ কৰা হ'ব। ৰাজ্যৰ আগশাৰীৰ নাট্যগোষ্ঠী জেঙৰাই অসমে নিবেদন কৰা বিষ্ণু ৰাভাৰ জীৱনৰ বৰ্ণিল পৰিক্ৰমাক সামৰি ৰচিত ৬৫ মিনিট দৈৰ্ঘ্যৰ নাটখনি ১৯ জুনৰ সন্ধিয়া মঞ্চস্থ কৰা হ'ব। উল্লেখযোগ্য যে, আন্তঃ মঙলদৈ ছ...