June 22, 2024 8:51 PM

views 19

স্পেইনৰ টাউষ্টেত অনুষ্ঠিত আই টি এফ ৱ’ৰ্ল্ড ট্যুৰ টেনিছ প্রতিযোগিতাত ভাৰতৰ ৰুতুজা ভোচলে আৰু চীনৰ ফাংগৰাণ টিয়ানৰ খিতাপ অৰ্জন

ভাৰতৰ ৰুতুজা ভোচলে আৰু চীনৰ ফাংগৰাণ টিয়ানৰ যুটিটোৱে স্পেইনৰ টাউষ্টেত অনুষ্ঠিত মহিলাৰ আই টি এফ ৱ’ৰ্ল্ড ট্যুৰ টেনিছ প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। ৰুতুজা আৰু ফাংগৰাণৰ যুটিটোৱে আজি ফাইনেলত অষ্ট্ৰেলিয়াৰ আলানা পাৰ্নাবীৰ আৰু মেক্সিকোৰ ভিক্টোৰিয়া ৰোড্ৰিগুৱেজৰ যুটিটোক ৬-২, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে।

June 22, 2024 8:50 PM

views 27

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ সমিতি গঠন

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে সমিতি গঠন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি ...

June 22, 2024 8:49 PM

views 20

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সফলতাৰে দুজন লোকৰ দেহত বৃদ্ধ সংৰোপণ কৰাৰ পাছত চিকিৎসালয়খনত উপস্থিত হৈ মু...

June 22, 2024 8:47 PM

views 31

ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন ভৱন নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক

ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন ভৱন নিৰ্মাণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লোকনিৰ্মাণ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এই বৈঠকত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিটো ...

June 22, 2024 8:45 PM

views 47

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ, ২৬ জুনৰ পুৱা ৬ বজাত মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। কামাখ্যা মন্দিৰ...

June 22, 2024 8:42 PM

views 22

দৰঙৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বান ক্ষতিগ্ৰস্ত দৰং জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। ছিগা মথাউৰিৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ছোৱাত বানপীড়িত ৰাইজক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ তেওঁ দৰং জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে,...

June 22, 2024 7:13 PM

views 25

ৰাজ্যত কেইটামান বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন

অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অ...

June 22, 2024 7:12 PM

views 16

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন আৰু অনিয়ম ৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ড আৰু ১ কোটি টকাপৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূ...

June 22, 2024 7:11 PM

views 26

আকাশবাণীত ৩০ জুনত প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্র মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 22, 2024 7:08 PM

views 25

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ত আজি ভাৰত-বাংলাদেশৰ মেচ

ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিছাৰ্ডছ ষ্টেডিয়ামত হ'বলগীয়া আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ছেমিফাইনেলত প্ৰৱেশ কৰিবৰ বাবে ভাৰতীয় দলটোৱে এই খেলখনত জয়ী হ'বলৈ সৰ...