June 22, 2024 7:06 PM

views 34

আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ

আজি পুৱা বাৰবাডোছৰ কেনছিংটন অভেলত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ-এইট পর্যায়ৰ এখন খেলত আয়োজক ৱেষ্ট ইণ্ডিজে আমেৰিকা যুক্তৰাষ্ট্ৰক ৯ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১২৯ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০ অভাৰ ৫টা বলতে ১৩০ ৰান কৰি খেলখনত বিজয়ী হয়। দলটোৰ হৈ ছাই হ’পে ৩৯ টা বলত ৮...

June 22, 2024 7:05 PM

views 19

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ সময়ত ল’বলগীয়া কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা সভা

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বানৰ সময়ছোৱাত ল'বলগীয়া বিভিন্ন কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উপ-সচিব আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প সমন্বয়ক অলকানন্দা মেধিৰ উপস্থিতিত অনুষ্ঠিত সভাত খহনীয়া ...

June 22, 2024 7:03 PM

views 24

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

যোৰহাট জিলা প্রশাসনে অহা ১ জুলাইত যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে। সেই অনুসৰি প্ৰশাসনে ২৯ জুনৰ পৰা ১ জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱস আয়োজনৰ সিদ্ধান্ত গ্রহণ কৰিছে। মৰম যোৰহাট গঢ়ি তোলাৰ উদ্দেশ্যে পৰিৱেশ নিকাকৰণ, গ্ৰন্থ উপহাৰ, সাংস্কৃতিক শোভাযাত্রা, গাঁওসভা, বিশিষ্ট ব্যক্তিসকলৰ লগত ...

June 22, 2024 7:02 PM

views 32

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত ‘দৃষ্টিপাত’ত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পর্কীয় বিষয় সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পর্কীয় বিষয় সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা চাহিনা নাজনিন অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ ফোন নম্বৰ যোগে অতিথিৰ সৈতে ...

June 22, 2024 7:01 PM

views 25

বোকাখাতত সামূহিক উন্নয়ন আঁচনিৰ অধীনত গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী

পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি বোকাখাতত সামূহিক উন্নয়ন আঁচনিৰ অধীনত গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত...

June 22, 2024 1:37 PM

views 19

অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত

ভাৰতৰ অংকিতা ৰাইনা ডব্লিউ টি এ ভেনেটো অপেন টেনিছ প্রতিযোগিতাৰ পৰা বাহিৰ হৈছে। অংকিতা কালি ইটালীৰ গেইবাত অনুষ্ঠিত প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ ছুছান বেণ্ডেকিৰ হাতত ৪-৬, ৭-৬, ৩-৬ ছেটত পৰাজিত হয়।

June 22, 2024 1:29 PM

views 40

মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিত জড়িত ৫ জন অভিযুক্তৰ বিৰুদ্ধে NIAৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAএ মানৱ সৰবৰাহ আৰু চাইবাৰ জালিয়াতিৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ সৈতে সম্পর্ক থকা এটা গোচৰত কালি দুগৰাকী বিদেশী নাগৰিকসহ মুঠ পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। এন আই এৰ মুম্বাইস্থিত বিশেষ আদালতত দাখিল কৰা অভিযোগনামাত এই গোচৰত কেইবাজনো বিদেশী নাগৰিক জড়িত থকাৰ কথা উল্...

June 22, 2024 1:25 PM

views 22

যোগে ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, যোগ ভিন্ন সংস্কৃতি আৰু পৃষ্ঠভূমিৰ লোকক ঐক্যবদ্ধ কৰি একতা সৃষ্টিকাৰী শক্তিৰূপে পৰিগণিত হৈছে। যুৱ প্ৰজন্মই যোগ অভ্যাসৰ সত্ৰত প্ৰৱল আগ্ৰহেৰে অংশগ্ৰহণ কৰাটো আনন্দৰ কথা বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যম যোগে কয় যে, সমগ্ৰ বিশ্বতে দশ...

June 22, 2024 1:21 PM

views 15

অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ চূডান্ত ৰায়দান ঘোষণা নোহোৱা পৰ্যন্ত স্থগিত

বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্রদান কৰিবলৈ বিচাৰ আদালতে প্ৰদান কৰা নিৰ্দেশক প্রত্যাহ্বান জনাই দাখিল কৰা আবেদন সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বিচাৰ আদালতৰ নিৰ্দেশ স্থগিত ৰাখিছে। সুৰা কেলেংকাৰীৰ এটা গোচৰত অভিযুক্ত আপৰ মুৰব্বীগৰাকীৰ জামিন চূ...

June 22, 2024 1:12 PM

views 28

অনিবাৰ্য কাৰণবশতঃ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC NET 2024 পিছুৱাই দিয়া হৈছে

সংযুক্ত বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ-বিশ্ববিদ্যালয় অনুদান আয়োগ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা CSIR UGC NET 2024 অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA কৈছে, যে ২৫ জুন আৰু ২৭ জুনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। আনুষ্ঠানিক ৱেবচাইটযোগে পৰীক্ষাৰ সংশোধিত সময়সূচী...