June 26, 2024 8:46 PM

views 10

যোৰহাটত গ্রেনেড নিক্ষেপৰ ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে এন আই এৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই আজি, যোৱা বছৰ – উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্রেনেড নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত আজি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। যোৰহাটৰ লিচুবাৰী সামৰিক ঘাটিত যোৱা ১৪ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছে। উগ্ৰপন্থী সংঘটনটোৱে উত্তৰ প্ৰদেশৰ ৰাজ্য কেই...

June 26, 2024 8:42 PM

views 22

দিল্লীৰ জলমন্ত্ৰী আতিশীক অখিলেশ যাদৱৰ সাক্ষাৎ

সমাজবাদী দলৰ নেতা অখিলেশ যাদৱে আজি লোকনায়ক হাস্পতালত চিকিৎসাধীন দিল্লীৰ জলমন্ত্ৰী আতিশীক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বুজ লয়। হাৰিয়ানাৰ পৰা পৰ্যাপ্ত পৰিমানৰ পানীৰ দাবীত যোৱা ২১ জনুৰ পৰা অনশনত বহা মন্ত্ৰী আতিশীৰ তেজত শৰ্কৰাৰ পৰিমান কমি যোৱাৰ ফলত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।

June 26, 2024 8:38 PM

views 22

অৰবিন্দ কেজৰিৱালৰ আবেদন প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অনুমতি প্ৰদান

উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক দিল্লী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তেওঁ দাখিল কৰা আবেদনখন প্ৰত্যাহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। সুৰা নীতি সম্পৰ্কীয় কেলেংকাৰিৰ অভিযোগৰ সৈতে জড়িত অবৈধ ধনৰ লেনদেনৰ গোচৰত শ্ৰীকেজৰিৱালে...

June 26, 2024 8:32 PM

views 22

লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কৰিছে। সংসদ ভৱনৰ বাহিৰত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ আজি কয় যে, উপাধ্যক্ষৰ পদটোক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ সাজু আছিল যদিও বিষয়টোক লৈ পূর্ব চর্ত আৰোপ কৰাটো উচিত হোৱা নাই। আন এগৰ...

June 26, 2024 8:24 PM

views 35

ম্যানমাৰৰ ভাৰত সীমান্তত হিংসা আৰু অস্থিৰতাক লৈ মন্ত্রী ড০ এছ জয়শংকৰৰ গভীৰ উদ্বেগ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ম্যানমাৰৰ ভাৰত সীমান্তৱৰ্ত্তী এলেকাত অব্যাহত থকা হিংসা আৰু অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। শ্ৰীজয়শংকৰে ম্যানমাৰৰ উপ-প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্রী ইউ থান শ্বেক নতুন দিল্লীত সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই পৰিস্থিতিৰ সমাধান কৰাৰ বাবে সকলো অংশীদ...

June 26, 2024 8:20 PM

views 29

নতুন ফৌজদাৰী আইন পহিলা জুলাইৰ পৰা প্ৰযোজ্য

নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ পহিলা জুলাইৰ পৰা প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছে। নতুন আইন তিনিখন ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। সকলোৰে বাবে সুলভ, সহা...

June 26, 2024 8:16 PM

views 5

নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত নৱগঠিত মন্ত্ৰী পৰিষদৰ সদস্যসকলক পৰিচয় কৰাই দিয়ে। লোকসভা অধ্যক্ষ নিৰ্বাচনৰ পাছতে শ্রীমোদীয়ে নিম্ন সদনত কেবিনেট মন্ত্রী স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু ৰাজ্যমন্ত্ৰীসকলক পৰিচয় কৰাই দিয়ে। পাছত অধ্যক্ষ বিৰলাই ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ কথা স্মৰ...

June 26, 2024 8:13 PM

views 23

অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰাৰ অভিযোগ খণ্ডন মন্ত্ৰী কিৰেণ ৰিজিজুৰ

লোকসভা অধ্যক্ষ নিৰ্বাচনৰ সময়ত অস্থায়ী অধ্যক্ষই ভোট বিভাজনৰ দাবী গ্ৰহণ নকৰা বুলি উঠা অভিযোগ খণ্ডন কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে বিৰোধী পক্ষই এই সন্দৰ্ভত কোনো আনুষ্ঠানিক দাবী উত্থাপন কৰা নাছিল । সংসদ ভৱনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীৰিজিজুৱে কয় যে চ...

June 26, 2024 8:56 PM

views 21

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

জ্যেষ্ঠ বিজেপি সাংসদ ওম বিৰলা পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। পদটোৰ বাবে সাংসদ কে সুৰেশক প্ৰক্ষেপ কৰা কংগ্ৰেছ দলে সদনত ভোটগ্ৰহণৰ দাবী উত্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লোকসভাৰ অধ্যক্ষগৰাকী মৌখিক ভোটত একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ইয়াৰ পাছতেই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, বিৰো...

June 26, 2024 12:03 PM

views 19

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তি

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ- ছাত্ৰীসকলৰ পিতৃ-মাতৃ চৰকাৰৰ অধীনস্থ নিগম-নিকায়ত কৰ্মৰত হ'ব নোৱাৰিব,...