July 15, 2024 5:58 PM

views 30

ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ন কৰাটো বিচাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কৈছে যে, তেওঁ ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ণ কৰাতো বিচাৰে যিহেতু এই বিষয়টো চুবুৰীয়া দেশৰ সৈতে জড়িত। শ্ৰীমতি হাছিনাই তেওঁৰ শেহতীয়া চীন ভ্রমণ সন্দৰ্ভত ঢাকাত এখন সংবাদমেলত এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চীনে তিস্তা প্রকল্প সন্...

July 15, 2024 6:02 PM

views 23

কে পি শর্মা অ’লীৰ চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ

কে পি শর্মা অ'লীয়ে আজি চতুৰ্থবাৰৰ বাবে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ ৰাষ্ট্ৰপতি ভৱনৰ শীতল নিবাসত ৰাষ্ট্ৰপতি ৰামচন্দ্র পাউড়েলে শ্রীঅলীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ২১ গৰাকী নৱ নিযুক্ত মন্ত্রীকো পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। অ'লী নেতৃত...

July 15, 2024 3:29 PM

views 36

দেশৰ বিদেশ সচিব হিচাপে বিক্ৰম মিস্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ

বিক্ৰম মিস্ত্ৰীয়ে আজি দেশৰ বিদেশ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বৰ বিদেশ সচিব বিনয় মোহন কোৱাট্টাৰ কাৰ্যকাল কালি শেষ হয়। শ্রীমিস্ত্রী হৈছে ১৯৮৯ বেটছৰ ভাৰতীয় বিদেশ সেৱাৰ এগৰাকী বিষয়া। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ সচিবালয়ত উপ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা হিচাপে কৰ্মৰত আছিল। তদুপৰি তেও...

July 15, 2024 3:22 PM

views 33

ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়নৰ বাবে বুজাবুজিৰ চুক্তিত স্বা...

July 15, 2024 12:42 PM

views 30

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অন...

July 15, 2024 12:40 PM

views 25

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্...

July 15, 2024 12:36 PM

views 22

অসমতো অব্যাহত সম্পূর্ণতা অভিযানৰ কার্যসূচী

নিটি আয়োগৰ বিশেষ কার্যসূচী সম্পূর্ণতা অভিযান অসমতো অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্রথম ৩ মাহতে পঞ্জীয়নভুক্ত প্রসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগ...

July 15, 2024 12:34 PM

views 16

দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি

নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ পৰিপ্ৰেক্ষিতত কালি অসম চৰকাৰৰ কার্যবাহীসকলে বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষক অসমীয়া পৰম্পৰাৰে আদৰণি জনায়। উল্লেখযোগ্য যে ইউনেস্ক'ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ'ব। অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰ...

July 15, 2024 12:32 PM

views 18

বৰ্তমানেও ৰাজ্যৰ ১৮ খন জিলাৰ প্ৰায় ৫ লাখ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত

ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ১৮ খন জিলাৰ প্ৰায় ৫ লাখ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ, বুঢ়ী দিহিং আৰু দিচাং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। শেহতীয়া খবৰ অনুসৰি ৰাজ্যত বানৰ ফলত ৯৩ জন লোকৰ মৃত্যু হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা ...

July 15, 2024 12:29 PM

views 37

সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি

যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈক লোকসভাৰ কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি হিচাপে পুনৰ নিযুক্তি দিয়া হৈছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি কংগ্ৰেছ দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে শ্ৰী গগৈক কংগ্ৰেছ সংসদীয় দলৰ উপ-দলপতি, কে সুৰেশক মুখ্য হুইপ, মণিকাম ঠাকুৰ আৰু ...