July 15, 2024 7:59 PM

views 23

ৰাজ্যত দৰিদ্ৰতা ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে : মুখ্যমন্ত্ৰী

ৰাজ্যত দৰিদ্ৰতা ৩৬ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত প্ৰকাশ কৰে। দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিভিন্ন হিতাধিকাৰীৰ আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে দৰিদ্ৰতা নিৰ্মূল কৰিবলৈ সমৰ্থ হৈছে। নিটি আয়োগে কালি প্ৰকাশ কৰা বহনক্ষম উন্নয়ন...

July 15, 2024 7:54 PM

views 18

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামৰ শিৱসাগৰ ভ্ৰমণ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা পৰিভ্ৰমণ কৰে। দিনজোৰা ভ্ৰমণসূচীৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পর্যালোচনা বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধবজাবাহী আঁচনি ...

July 15, 2024 7:49 PM

views 26

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে টেলিফোনযোগে শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা গৃহমন্ত্ৰীৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসমৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টেলিফোনযোগে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে বিৱৰণ দাঙি ধৰে...

July 15, 2024 6:58 PM

views 28

কলম্বিয়াক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন

আৰ্জেণ্টিনাই মায়ামিৰ হাৰ্ড ৰ'ক ষ্টেডিয়ামত আজি পুৱা কলম্বিয়াক ১-০ৰ ব্যৱধানত পৰাস্ত কৰি কোপা আমেৰিকা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে। লটাৰো মার্টিনেজে খেলৰ দ্বিতীয়ার্ধত বিজয়ী গ'লটো দিয়ে। আর্জেণ্টিনাই অভিলেখ সংখ্যক ১৬ বাৰৰ বাবে এই টুর্ণামেণ্টৰ খিতাপ অৰ্জন কৰিছে। টুর্ণামেণ্টত সর্বাধিক গল দি লওটাৰো...

July 15, 2024 6:50 PM

views 58

ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ ডনাল্ড ট্রাম্পৰ আহ্বান

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু তেওঁৰ ৰিপাব্লিকান প্রতিদ্বন্দ্বী ডনাল্ড ট্রাম্পে ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে। পেনচিলভেনিয়াত হত্যাৰ প্ৰচেষ্টাৰ পৰা হাত সৰা ট্রাম্পে কয় যে, ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিবেশনৰ ভাষণত তেওঁ ৰাষ্ট্ৰপতি বাইডেনক সমালোচনা কৰাতকৈ ৰাষ্ট...

July 15, 2024 6:43 PM

views 27

আহমেদাবাদ-বড়োদাৰা এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত ৬ লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

গুজৰাটৰ আনন্দৰ সমীপৰ আহমেদাবাদ-বড়োদাৰা এক্সপ্ৰেছৱেত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত ছজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও ব্যক্তি গুৰুতৰভাবে আহত হয়। আকাশবাণীৰ সংবাদদাতাৰ তথ্য অনুসৰি চিখৰা গাঁৱৰ সমীপত এখন ট্ৰাকে পথৰ দাঁতিত ৰৈ থকা বাছ এখনত খুন্দিওৱাৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে টায...

July 15, 2024 6:39 PM

views 19

লাডাখৰ কাৰ্গিল যুদ্ধ স্মাৰকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে লাডাখত কালি কাৰ্গিল বিজয় দিৱস উপলক্ষে দাচৰ কাৰ্গিল যুদ্ধ স্মাৰকত অপাৰেচন বিজয়ৰ সাহসী সৈনিক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ১৯৯৯ চনত ভাৰতীয় সৈনিক সকলে কার্গিল যুদ্ধত দিয়া বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। শ্ৰীৰিজিজ...

July 15, 2024 6:35 PM

views 25

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কে পি শর্মা অ’লীক প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা কে পি শর্মা অ'লীক শুভেচ্ছা জনাইছে। শ্রীমোদীয়ে এটা বাৰ্তাত কয় যে, তেওঁ ভাৰত আৰু নেপালৰ মাজৰ বন্ধুত্বক আৰু অধিক দৃঢ় কৰি তোলাৰ লগতে দ্বিপাক্ষীক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব।

July 15, 2024 6:31 PM

views 27

অসম, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাৰ্তালাপ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যকেইখনৰ বান পৰিস্থিতিৰ বুজ লয়। শ্ৰীশ্বাহে ৰাজ্যকেইখনৰ মুখ্য নদীসমূহৰ পানীৰ বৰ্ধিত স্তৰৰ বুজ লয়। তেওঁ লগতে ৰাজ্যকেইখনলৈ কেন্দ্ৰই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সমৰ্থনৰ লগতে প্রয়োজনীয় সকলো স...

July 15, 2024 6:25 PM

views 20

মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ ৪টা প্ৰকল্প ৰূপায়ণত ভাৰতৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়ণৰ বাবে বুজাবুজিৰ চুক্তিত স্বা...