July 15, 2024 12:27 PM

views 34

দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কৰিছে। এই কাৰ্যসূচীৰ অংশহিচাপে তেওঁ পুৱাৰ ভাগত ইতিহাস প্রসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে, জিলাখন ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়...

July 15, 2024 12:22 PM

views 20

দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যি...

July 15, 2024 10:56 AM

views 27

চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছেঃ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আৰু চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছে বুলি প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত আদর্শ বিদ্যালয়সমূ...

July 15, 2024 10:51 AM

views 22

উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজৰ পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন

● উইম্বলডন টেনিছ প্রতিযোগিতাত স্পেইনৰ কাৰ্লোৰ্ছ অল্‌কাৰাজে চাৰ্বিয়াৰ ন'ভাক জ'ক'ভিচক ৬-২, ৬-২, ৭-৬ ছেটত পৰাস্ত কৰি পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। উইম্বলডলনৰ ফাইনেলত অকাৰাজ দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ বিপৰীতে জ'ক'ভিচে এই প্ৰতিযোগিতাত ৭ বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিছিল। ইপিনে, মিক্সড ডাবলছৰ ফাই...

July 15, 2024 10:48 AM

views 34

পাঁচখনীয়া টি-২০ৰ অন্তিমখন খেলত জিম্বাব’ৱেক ৪২ ৰানত পৰাস্ত ভাৰতৰ

● জিম্বাব'ৱেৰ হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰতে কালি জিম্বাব'ৱেক ৪২ ৰানত পৰাস্ত কৰে। খেলখনত টছত জয়লাভ কৰি জিম্বাব' ৱেই প্ৰথমে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৬৭ ৰান সংগ...

July 15, 2024 10:45 AM

views 27

ইউৰো কাপ ফুটবলৰ ফাইনেলত স্পেইনৰ ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত

■ বাৰ্লিনত অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত স্পেইনে, ইংলেণ্ডক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চতুর্থ ইউৰোপীয় ফুটবল চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিছে। নিকো উইলিয়ামে স্পেইনৰ হৈ প্ৰথমটো গল দিয়ে। ইপিনে, ইংলেণ্ডৰ ক'ল পামৰে খেলৰ ৭৩ মিনিটত এটা গল দিয়ে। ইয়াৰ পাছতেই স্পেইনৰ মিকেল অয়াৰজাবলে খেলৰ...

July 15, 2024 10:41 AM

views 18

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ফোন-ইন পাব্লিক স্পীক অনুষ্ঠান

● আকাশবাণীৰ দ্বিভাষিক ফোন-ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত উচ্চৰক্তচাপ আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত এক মননশীল আলোচনা আগবঢ়োৱা হ'ব। এই আলোচনাত এইমছৰ হৃদৰোগ বিভাগৰ অধ্যাপক ড° ৰাকেশ যাদৱ আৰু খাদ্য বিশেষজ্ঞ ডাঃ ৰিচা জয়ছৱালে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে উচ্চৰক্তচাপৰ বিভিন...

July 15, 2024 10:37 AM

views 25

ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ

● ভাৰতীয় মূলধনী বজাৰত জুলাই মাহৰ প্ৰথমভাগতে বিদেশী বিনিয়োগকাৰীয়ে প্ৰায় ২৪ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি এই সময়ছোৱাত বিদেশী বিনিয়োগকাৰীয়ে ইকুইটিত বজাৰত ১৫,৩৫২ কোটি টকা আৰু ঋণৰ বজাৰত ৮,৪৮৪ কোটি টকা বিনিয়োগ কৰিছে। জুন মাহত এই বিনিয়োগৰ পৰিমান আছিল 26,565 কোটি টকা।

July 15, 2024 10:33 AM

views 20

অমৰনাথ গুহা দর্শনৰ বাবে যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ দল কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা

● পৱিত্ৰ অমৰনাথ গুহাৰ বাবে জন্মৰ ভগৱতী নগৰ যাত্ৰীনিৱাস শিৱিৰৰ পৰা ৪,৮৭৫ গৰাকী তীর্থযাত্ৰীৰ আন এটি দলে কাশ্মীৰ উপত্যকা অভিমুখে যাত্ৰা কৰিছে। আজি নিচেই পুৱা ১৬২ খন বাহনেৰে এই তীর্থযাত্ৰীৰ দলটো ৰাওনা হৈছে। এই দলটোত ৩ হাজাৰ ৪৬৪ গৰাকী পুৰুষ, এহেজাৰ ৩৩৩ গৰাকী মহিলা, ১৪টি শিশু, ৬৪ গৰাকী সাধু-সন্ত আছে। ইয়া...

July 15, 2024 10:38 AM

views 28

শ্ৰীনগৰ প’ল’ গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দাভিয়াৰ

● কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মান্দাভিয়াই কালি শ্ৰীনগৰ প'ল' গ্রাউণ্ড ক্রীড়াক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ পাছতেই শ্রীমান্দাভিয়াই চিনথেটিক টার্ফ পৰিদৰ্শন কৰি ১৭ বছৰ অনুৰ্ধৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলৰ লগতে জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদ, ফুটবল, স্কুল আৰু একাডেমীৰ প্ৰশিক্ষাৰ্থীস...