ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক- যুৱতীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত গ্রহণ কৰিব বুলি তেওঁ বার্তাটোত উল্লেখ কৰে। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবেও চৰকাৰে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে দুই-এদিনতে পৰীক্ষাৰ বিষয়সূচী ঘোষণা কৰা হ’ব। ১৪ হাজাৰ পদৰ বাবে প্ৰায় ১৮ লাখ প্রার্থীয়ে আবেদন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।