ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কলাক্ষেত্ৰত ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নিযুক্তি বিতৰণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত ২৬৬ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮১২ গৰাকী ষ্টাফ নাৰ্ছ আৰু ৪৯ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। উল্লেখযোগ্য যে আজিৰ এই নিযুক্তি পত্ৰ বিতৰণৰ পাছত ৰাজ্য চৰকাৰৰ অভিলাসী ১ লাখ নিযুক্তি প্ৰক্ৰিয়াত চাকৰি লাভ কৰা লোকৰ সংখ্যা মুঠ ৯৯ হাজাৰ ৯৭ লৈ বৃদ্ধি পাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।