December 1, 2025 10:38 AM

views 38

বুধবাৰে অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি- পত্ৰ প্ৰদান কৰা হ’ব

■ অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক বুধবাৰে নিযুক্তি- পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত সেইদিনা দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্রসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ- পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫ হাজাৰ ১০গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে ...

October 10, 2025 12:50 PM

views 53

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতা প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্রকাশ পায়। তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬৫০টা পদৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে। অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ...

October 7, 2024 11:25 AM

views 29

১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি পুনৰ নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ ২৮৪ গৰাকী আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ১০১ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু উপস্থিত থাকিব। উল্লেখযোগ্য যে যোৱা ২৬ ছেপ্তেম্বৰ পৰ্যন্ত এক লাখ ২৪ হাজাৰ ৬৪৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল। আজিৰ এই নিযুক্তিৰ পাছতে মুঠ ন...

September 28, 2024 7:20 PM

views 51

কাইলৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হব। মুঠ ৭ লাখ ৩৪ হাজাৰ ৮০ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হবলগীয়া এই পৰীক্ষাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মোবাইল ইণ্টাৰনেট বা মোবাইল ডাটা সংযোগ ব্যাহত ৰখাৰ সিদ্ধান্ত লৈছ...

September 28, 2024 6:05 PM

views 34

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ...

September 14, 2024 11:15 AM

views 31

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতা পদৰ বাবে ভিন্ন জিলাৰ পৰা আবেদন বিচৰা হৈছে

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ ...

September 14, 2024 10:52 AM

views 35

কাইলৈ সমগ্ৰ ৰাজ্যতে ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

■ ৰাজ্য চৰকাৰে কাইলৈ সমগ্ৰ ৰাজ্যতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা পাতিবলৈ যোজা প্রায় সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫টা পৰীক্ষা কেন্দ্ৰত তৃতীয়বৰ্গৰ ৭ হাজাৰ ৬০০টা পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰ ২০৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। অসমৰ ইতিহাসত প্ৰথমবাৰলৈ একে সময়তে ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে একেলগে অৱতীৰ্ণ হ'ব। নিযুক্তি পৰীক্ষাক লৈ জিলা প্রশাসনসমূহে ব্যাপক প্রস্তুতি চলাইছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ১২ খন ...

August 13, 2024 12:56 PM

views 44

কলাক্ষেত্ৰত ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ১,১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নিযুক্তি বিতৰণ অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা পদত ২৬৬ গৰাকী চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮১২ গৰাকী ষ্টাফ নাৰ্ছ আৰু ৪৯ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। উল্লেখযোগ্য যে আজিৰ এই নিযুক্তি পত্ৰ বিতৰণৰ পাছত ৰাজ্য চৰকাৰৰ ...