February 19, 2025 8:28 PM

views 24

গ্ৰামীন স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিহাৰ, হাৰিয়ানা আৰু চিকিমৰ গ্ৰামীন স্থানীয় নিকায়সমূহৰ বাবে পঞ্চদশ বিত্ত আয়োগৰ অনুদান মোকলাই দিছে। বিহাৰে সংযুক্ত অনুদানৰ দ্বিতীয় কিস্তি হিচাপে ৮২১ কোটি টকাৰো অধিক পুঁজিৰ লগতে প্ৰথম কিস্তিৰ স্থগিত ৰখা প্রায় ৪৮ কোটি টকা লাভ কৰিছে । এই পুঁজি, ৩৮ খ...

February 19, 2025 8:27 PM

views 12

অংগদান কৰা ব্যক্তিসকলক ৰাজ্যিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত পুডুচেৰী চৰকাৰৰ

পুডুচেৰী চৰকাৰে ৰাজ্যখনত চিকিৎসা সেৱাৰ বাবে অংগদান কৰা ব্যক্তিসকলক ৰাজ্যিক সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত লৈছে। পুডুচেৰী চৰকাৰে ইতিমধ্যে এই সন্দৰ্ভত নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই অনুসৰি চিকিৎসালয়ত ব্ৰেইন ডে'ড অর্থাৎ মগজু-মৃত ৰোগী সন্দৰ্ভত চিকিৎসালয় কর্তৃপক্ষই জিলা আয়ুক্ত আৰু আঞ্চলিক কৰ্তৃপ...

February 19, 2025 8:26 PM

views 36

ভাৰত সম্প্ৰতি আনৰ অনুসৰণকাৰী হোৱাৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত নেতৃত্ব প্রদানকাৰী দেশৰূপে পৰিগণিত হৈছে বুলি ড° জীতেন্দ্ৰ সিঙৰ মন্তব্য

ভাৰত সম্প্ৰতি আনৰ অনুসৰণকাৰী হোৱাৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত নেতৃত্ব প্রদানকাৰী দেশৰূপে পৰিগণিত হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। এটা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন বিভাগত উদ্ভাৱনৰ ক্ষেত্ৰত গ্ৰহণ কৰা অগ্রণী ভূমিকা আৰু নেতৃত্বত জৰিয়তে দেশে বিশ্বত এখন উ...

February 19, 2025 8:24 PM

views 10

আজি কোৱালালামপুৰত মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক অনুষ্ঠিত

মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি কোৱালালামপুৰত অনুষ্ঠিত হয়। ভাৰতৰ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু মালয়েছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব প্ৰধান লোকমন হাকিম বিন অলিয়ে বৈঠকত সহ অধ্যক্ষতা কৰে। যোৱা কেইটামান বছৰজুৰি দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত নিয়মীয়া কাৰ্যকলা...

February 19, 2025 8:22 PM

views 17

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ জোহান্সবাৰ্গলৈ ৰাওনা ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মৰ্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা ...

February 19, 2025 8:21 PM

views 27

কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী নেপালৰ ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ’ব বুলি ওড়িশাৰ মুখ্যমন্ত্ৰীৰ আশ্বাস

ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ভূৱনেশ্বৰৰ কলিংগ ঔদ্যোগিক প্রযুক্তি প্রতিষ্ঠান –চমুকৈ কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত নেপালৰ এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ'ব আৰু দোষীক আইনৰ আওতালৈ অনা হ'ব বুলি নেপালৰ দূতাবাসক আশ্বাস দিছে। শ্রীমাঝিয়ে আজি নেপাল দূতাবাসৰ দুগৰাকী কটকীৰ সৈত...

February 19, 2025 8:20 PM

views 31

আই চি চি চেম্পিয়নছ ট্রফীত পাকিস্তানক জয়ৰ বাবে ৩২১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ নিউজিলেণ্ডৰ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত আজি নিউজিলেণ্ডে পাকিস্তানক জয়ৰ বাবে ৩২১ ৰাণৰ লক্ষ্য বান্ধি দিছে। পাকিস্তানৰ কৰাচীত অনুষ্ঠিত খেলখনত নিউজিলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ৫০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ৩২০ ৰাণ কৰে। নিউজিলেণ্ডৰ হৈ উইলিয়াম ইয...

February 19, 2025 8:19 PM

views 28

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত দেলহী কেপিটেলছ – ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি দেলহী কেপিটেলছ – ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বডোডৰাৰ কোটাম্বি ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে মহিলা প্রিমিয়াৰ লীগৰ এইবাৰৰ সংস্কৰণত অসমৰ উমা চেত্ৰীয়ে ইউ পি ৱাৰিয়ৰ্ছ আৰু জিণ্টিমণি কলিতাই মুম্বাই ইণ্...

February 19, 2025 7:56 PM

views 13

১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছ'ত ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ আজি সামৰণিৰ দিনা কেইবাটাও শিতানত প্রতিযোগিতা অনুষ্ঠিত হয়। তাৰালাংছ'ৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰা মহোৎসৱস্থলীত নিৰ্মাণ কৰা বিভিন্ন জ...

February 19, 2025 7:54 PM

views 36

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ৭ মাৰ্চৰ ভিতৰত ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ পাছত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, প্ৰাদেশিকীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ দিন ঘোষণা কৰা হ'ব বুলি ...