February 20, 2025 12:17 PM

views 21

এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকৰ পঞ্জীয়ন

সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ বাবে এইপর্যন্ত কমেও ১৪ হাজাৰ লোকে পঞ্জীয়ন কৰিছে। সন্মিলনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই কথা প্ৰকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ শী...

February 20, 2025 7:38 AM

views 31

আই চি চি চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ হাতত পাকিস্তান ৬০ ৰাণত পৰাস্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ নৱম সংস্কৰণৰ প্ৰথমখন খেলত যোৱা নিশা নিউজিলেণ্ডে যোৱা বাৰৰ চেম্পিয়ন পাকিস্তানক ৬০ ৰাণত পৰাস্ত কৰে। কৰাছীত অনুষ্ঠিত খেলখনত পাকিস্তানে উছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈ নিউজিলেণ্ডক নিয়ন্ত্ৰণত ৰখাৰ বাবে যথেষ্ট সংঘর্ষ কৰিবলগীয়া হয়। নিউজিলেণ্ডে নি...

February 20, 2025 7:36 AM

views 74

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক অযোগ্য নেতা আৰু দুৰ্বল মধ্যস্থতাকাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মন্তব্য

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিক ইউক্রেইনত চলি থকা যুদ্ধৰ বাবে দোষাৰোপ কৰি তেওঁক এজন অযোগ্য নেতা আৰু দুৰ্বল মধ্যস্থতাকাৰী বুলি অভিহিত কৰে। যুদ্ধৰ অন্ত পেলোৱাৰ উপায়ৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰে ৰিয়াদত অনুষ্ঠিত আমেৰিকা-ৰাছিয়াৰ শান্তি আলোচনাৰ পৰা ইউক্রেই...

February 20, 2025 7:33 AM

views 29

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সম্ভাৱনা

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৱে হামাছৰ সৈতে যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ নেতৃত্ব দিবলৈ এজন ঘনিষ্ঠ আত্মীয়ক নিযুক্তি দিছে বুলি দেশখনৰ এজন চৰকাৰী বিষয়াই জানিবলৈ দিছে । আলোচনাৰ বাবে নিযুক্তি দিয়া ৰন ডাৰ্মাৰ এজন কেবিনেট মন্ত্ৰী আৰু প্ৰধানমন্ত্রী নেতান্যায়াহুৰ ঘনিষ্ঠ উপদেষ্টা। ইয...

February 20, 2025 7:29 AM

views 14

পাকিস্তানৰ বেলুচিস্তান প্রদেশত কমেও ৭জন যাত্রীক গুলীয়াই হত্যা

পাকিস্তানৰ বেলুচিস্তান প্রদেশত কালি এজন অচিনাক্ত বন্দুকধাৰীয়ে এখন বাছত যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ পাছত কমেও ৭ জন যাত্রীক গুলীয়াই হত্যা কৰে। বিষয়াসকলে জনোৱা মতে, বাছখনে প্ৰদেশখনৰ ৰাজধানী কুৱেটাৰ পৰা পাকিস্তানৰ পঞ্জাৱ প্ৰদেশলৈ যাত্ৰা কৰাৰ সময়ত দুৰ্বৃত্তই বৰখান অঞ্চলত এই হত্যাকাণ্ড সংঘটিত ...

February 20, 2025 7:26 AM

views 12

মধ্যপ্ৰদেশৰ বালাঘাট জিলাত আৰক্ষী বাহিনীৰে হোৱা সংঘৰ্ষত ৩গৰাকী নক্সালবাদী নিহত

মধ্যপ্ৰদেশৰ বালাঘাট জিলাত কালি হক বাহিনী আৰু জিলা আৰক্ষী বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত তিনিগৰাকী নক্সালবাদী নিহত হয়। নিহত আটাইকেইগৰাকী নক্সালবাদী মহিলা। গাঢ়ী থানাৰ অন্তৰ্গত ছুপখাৰ বনাঞ্চলিক কার্যালয়ৰ ৰৌণ্ডা বন শিবিৰৰ সমীপত এই ঘটনা সংঘটিত হয়। অভিযানকাৰী দলে নিহত নক্সালবাদীৰ দলটোৰ পৰা এটা INSAS ৰা...

February 20, 2025 7:22 AM

views 32

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মৰ্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে...

February 20, 2025 7:13 AM

views 13

আজিৰে পৰা মহাৰাষ্ট্ৰৰ পুণেত নৱম এছিয়া অর্থনৈতিক আলোচনা

নৱম এছিয়া অর্থনৈতিক আলোচনা আজিৰে পৰা মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত হ'ব। এছিয়া অর্থনৈতিক আলোচনা বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ ভূ-অর্থনীতি বিষয়ক ট্রেক ওৱান পইণ্ট ফাইভ শীর্ষক বার্ষিক ধবজাবাহী আলোচনাৰ অংশ। পুণে আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ সহযোগত এই তিনিদিনীয়া আলোচনাৰ আয়োজন কৰা হৈছে। এই আলোচনাৰ মূল বিষয়বস্ত...

February 20, 2025 7:09 AM

views 14

কাইলৈ ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্রথম সংস্কৰণ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ছ'ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্রথম সংস্কৰণ মুকলি কৰিব। এই সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী ডাশ্বো ছেৰিং টোবগেই মুখ্য অতিথি হিচাপে মূল ভাষণ প্ৰদান কৰিব। এই দুদিনীয়া সন্মিলনে ৰাজনীতি, ক্রীড়া, কলা আৰু সংবাদ মাধ্যম, আধ্যাত্মিক জগত, ৰাজহুৱা ন...

February 20, 2025 7:03 AM

views 20

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই

ৰেখা গুপ্তাই আজি নতুন দিল্লীৰ ঐতিহাসিক ৰামলীলা ময়দানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰেখা গুপ্তা – সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীৰ পাছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী হ'ব। কালি বিয়লি দিল্লী বিজেপিৰ বিধায়িনী দলৰ নেত্ৰী হিচাপে বাছনি লাভ কৰাৰ পাছত ৰেখা গুপ্তাই উপ-ৰাজ্...