March 8, 2025 7:58 PM

views 56

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ

পাকিস্তানে সকলো বৈধ আফগান প্ৰব্ৰজনকাৰীক ৩১ মাৰ্চৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। আফগানিস্তানৰ শৰণাৰ্থী আৰু প্ৰত্যর্পন মন্ধ্যালয়ে পাকিস্তান চৰকাৰক আফগান নাগৰিকসকলক বিতাৰণ কৰাৰ প্ৰক্ৰিয়া মন্থৰ কৰিবলৈ আহ্বান জনোৱাৰ এদিন পাছতে পাকিস্তানে এই নির্দেশ জাৰি কৰিছে। নির্দেশ অনুসৰি আফগান নাগৰিক কাৰ্ড থকা...

March 8, 2025 7:56 PM

views 17

পঞ্চমবাৰৰ বাবে ভাৰতীয় মহিলা কাবাডীৰ দলৰ এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন

ভাৰতীয় মহিলা কাবাডীৰ দলে পঞ্চমবাৰৰ বাবে এছিয়ান মহিলা কাবাডী প্রতিযোগিতাৰ খিতাপ অর্জন কৰিছে। যোৱা বাৰৰ ছেম্পিয়ন ভাৰতে আজি বিয়লি টেহেৰানত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত আয়োজক দেশ ইৰাণক ৩২-২৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।

March 8, 2025 7:55 PM

views 46

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি চেম্পিয়নছ ট্রফী ক্রিকেট প্রতিযোগিতাৰ কাইলৈ ডুবাই ক্রিকেট ষ্ট্ৰেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত, নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ আঢ়ৈ বজাত অনুষ্ঠিত হব। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে যো...

March 8, 2025 7:44 PM

views 8

চৰাইদেউত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন

চৰাইদেউ কৃষি বিভাগৰ অন্তৰ্গত কৃষি ব্যৱস্থাপনা প্রযুক্তি সংস্থাৰ উদ্যোগত আজিৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ কৃষক মেলা আয়োজন কৰা হৈছে। জিলাখনৰ জঁজলি পাঁচআলিৰ দিচাংপানী গাঁও পঞ্চায়ত ৰাজহুৱা খেলপথাৰত আয়োজিত এই কৃষক মেলাখন জিলা আয়ুক্ত ডাঃ নেহা যাদবে মুকলি কৰে। থলুৱা কৃষকসকলক এখন বজাৰ দিয়াৰ উদ্দে...

March 8, 2025 7:43 PM

views 37

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বর্ধিত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত

গুৱাহাটী মহানগৰীৰ আমবাৰীত অৱস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি বর্ধিত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হয়। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ দলৰ ভালেকেইগৰাকী কৰ্মীয়ে এই সভাত অংশ লয়। অনাগত পঞ্চায়ত নির্বাচন, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দর্ভত বৈঠকত আলোচনা কৰা ...

March 8, 2025 7:41 PM

views 14

আন্তর্জাতিক নাৰী দিৱস উপলক্ষে নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাসকলৰ জীবন উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিজেপি চৰকাৰ মহিলা সৱলীকৰণৰ প্ৰতি উৎসর্গিত বুলি মন্তব্য কৰে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত অংশ লৈ তেওঁ কয় যে ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবা...

March 8, 2025 7:04 PM

views 23

উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি ড° এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকেৰ যোৱা নিশা উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত ভাৰতীয় দূতাবাস মুকলি কৰে। অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয়, যে এই দূতাবাসটোৱে ভাৰতীয় সম্প্ৰদায়ৰ প্রয়োজনীয় সেৱাসমূহ পূৰ কৰাত সহায়ক হ'ব। তেওঁ লগতে কয়, যে বেলফাষ্টৰ এই দূতাবাসটোৱে ভাৰত আৰু আয়াৰেলণ্ডৰ মাজত বাণিজ্য, প্রয...

March 8, 2025 7:00 PM

views 24

অহা ১৩ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্রা মহোৎসৱ

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত বটদ্ৰৱা থানত সমাগত শ্ৰীশ্ৰীকৃষ্ণ দৌলযাত্রা মহোৎসৱ আয়োজনৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। অহা ১৩ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা থানত দৌলযাত্রা মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ এই বৈঠকত...

March 8, 2025 6:58 PM

views 29

চিৰাংত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত

চিৰাং জিলাৰ সদৰ কাজল গাঁৱত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ অধীনত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক মেলা অনুষ্ঠিত হয়। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৃষক মেলাৰ আজি দ্বিতীয় দিনা এলানি কৃষি বিষয়ক প্রশিক্ষণ অনুষ্ঠিত হয়। এই মেলাত কৃষি, মীন, ৰেচম আৰু পশুপালন তথা পশু চ...

March 8, 2025 6:55 PM

views 28

দেশৰ ভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

দেশৰ ভিন্ন প্ৰান্তৰ লগতে আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা আজি জিলাখনত ১ হেজাৰ ২৮৮টা অমীমাংসিত গোচৰৰ ভিতৰত ৬৭১টা গোচৰ নিষ্পত্তি কৰা হৈছে। ইয়াৰে অসম শক্তি বিতৰণ লিমিটেডৰ পৰা সৰ্বাধিক ৫৫২ গোচৰ মীমাংসা...