March 12, 2025 1:46 PM

views 8

পাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ অপহৰণ সন্ত্ৰাসবাদীৰ, ১৫০ৰো অধিক লোকক উদ্ধাৰ, ২৭জন সন্ত্ৰাসবাদী নিহত

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কচ্চি জিলাৰ পৰা বেলুচ লিবাৰেচন আৰ্মীৰ সদস্যই কালি ৪০০ গৰাকীৰো অধিক যাত্ৰীৰ সৈতে অপহৰণ কৰা ৰে'লগাড়ীখনৰ ডেৰশৰো অধিক পণবন্দীক দেশখনৰ সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। সুৰক্ষা বাহিনীৰ অভিযানত জাফৰ এক্সপ্ৰেছ নামৰ ৰে'লগাড়ীখনৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত ২৭ জন সন্ত্রাস...

March 12, 2025 1:31 PM

views 17

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চুক্তিৰ ৬ নম্বৰ দফাৰ সকলো দিশ ৰূপায়ণ কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ আৰু ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটত এই ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। বিধানসভাত কালি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ হোৱা আলোচনাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অসম চুক্তিৰ ...

March 12, 2025 1:30 PM

views 12

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনকল্যাণ আৰু শাসন ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতীৰ মজুৰিৰ ক্ষতিপূৰণ প্...

March 12, 2025 1:28 PM

views 12

ম্যানমাৰৰ চাইবাৰ অপৰাধী চক্ৰৰ পৰা অসমৰ ৫জন যুৱকসহ দেশৰ ২৮৩জন লোকক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ সন্ধানত ম্যানমাৰলৈ গৈ চাইবাৰ অপৰাধী চক্ৰত সোমাই পৰা অসমৰ ৫ জন যুৱককে ধৰি দেশৰ ২৮৩ জন ব্যক্তিক ম্যানমাৰত থকা ভাৰতীয় দূতাবাসে কালি উদ্ধাৰ কৰে। বায়ুসেনাৰ বিমানেৰে ম্যানমাৰৰ ম্যাৱাদ্দিৰ পৰা থাইলেণ্ড হৈ নতুন দিল্লীলৈ অহা দলটোত ১৭ গৰাকী মহিলাও আছে। নতুন দিল্লীৰ অসম ভৱনৰ অসম আৰক্ষীয়ে ৰাজ্...

March 12, 2025 1:27 PM

views 41

ৰাজ্যজুৰি দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাঁকুৱাৰ ব্যাপক আয়োজন

সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাঁকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্রান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে দৌল উৎসৱৰ। কামৰূপ জিলাৰ শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটীসত্ৰত কাই...

March 12, 2025 1:25 PM

views 14

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ-ইষ্ট ইউনাইটেড

নর্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শ্বিলং লাজং ফুটবল ক্লাৱক ১-০ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। অহা ১৩ মাৰ্চত উত্তৰ পূৱ সীমান্ত ৰে'লৱে ক্ৰীড়া...

March 12, 2025 1:23 PM

views 36

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৭ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৫ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কে...

March 12, 2025 1:22 PM

views 12

দেশে স্বাধীনতাৰ অমৃত কালত জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ দিশত অগ্ৰগতি লাভৰ বাবে ব্ৰতী হৈছেঃ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য

দেশে স্বাধীনতাৰ অমৃত কালত জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ দিশত অগ্ৰগতি লাভৰ বাবে ব্ৰতী হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যই মন্তব্য কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ত্রয়োবিংশতিতম সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকল উন্নত ভাৰত গঢ়াৰ এই প্ৰচেষ্টাৰ মূল হোতা আৰু এই ক...

March 12, 2025 1:21 PM

views 23

লখিমপুৰ কৰ্কট কেন্দ্ৰৰ সামূহিক জন সম্পৰ্কৰক্ষী দলৰ ত্রয়োদশ অসম আৰক্ষী বাহিনীত কৰ্কট ৰোগৰ সজাগতা শিবিৰ

লখিমপুৰ কৰ্কট কেন্দ্ৰৰ সামূহিক জন সম্পৰ্কৰক্ষী দলে কালি ত্রয়োদশ অসম আৰক্ষী বাহিনীত এটা কৰ্কট ৰোগৰ সজাগতা আৰু নিৰীক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিনাক্ত হোৱা ৰোগীৰ সঠিক চিকিৎসা নিশ্চিত কৰাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডাঃ গোপাল কুমাৰ পুৰকায়স্থৰ নেতৃত্বত আয়োজি...

March 12, 2025 1:19 PM

views 18

ডিব্ৰুগড়ৰ ৰমাইঘাটত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত ছজন লোকক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমাইঘাটত কালি ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ গোচৰত আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজনৰ ভিতৰত বিনোদ চাংঘা নামৰ এজন তান্ত্ৰিকো আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বিনোদ চাংঘাৰ নেতৃত্বতে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে যোৱা সো...