দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনকল্যাণ আৰু শাসন ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতীৰ মজুৰিৰ ক্ষতিপূৰণ প্ৰদানকে ধৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সম্পৰ্কীয় বিভিন্ন আঁচনি, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় সুশৃংখলিতভাৱে ৰূপায়ণ, প্রধানমন্ত্ৰী আৱাস যোজনাৰ নতুন জি অ’ টেগিং ব্যৱস্থাৰ দ্রুতকৰণ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, মিছন বসুন্ধৰা, ৫ লাখ গামোচা বিতৰণৰ দৰে অভিলাসী আঁচনিসমূহৰ ৰূপায়ণৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি ইউ উইন মঞ্চ আৰু যক্ষ্মা নির্মূলৰ প্ৰচেষ্টাৰ ফলপ্ৰসূ ৰূপায়ণ সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উন্নত সেৱা আগবঢ়োৱাৰ বাবে সমজিলাসমূহৰ সৱলীকৰণ আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে আলোচনা কৰে। দ্বিতীয় এডভাণ্টেজ আছামৰ সফল সামৰণি আৰু ৰাজ্যৰ সাধাৰণ বাজেট উত্থাপনৰ পাছত জিলা আয়ুক্তসকলৰ সৈতে এই বৈঠকে নিশ্চিতভাৱে চৰকাৰখনৰ পৰিকল্পনাক বাস্তবায়িত কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
Site Admin | March 12, 2025 1:30 PM | first ever conference of District Commissioners and Co-District Commissioners
দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ বৈঠক
