March 19, 2025 9:24 PM

views 35

২৬ আৰু ৩০ মাৰ্চত বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত আই পি এল

২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত হ’বলগীয়া আই পি এলৰ খেল দুখনৰ বাবে ষ্টেডিয়ামৰ সমীপৰ অস্থায়ী কাউণ্টাৰত টিকট বিক্ৰী হৈ আছে। কালিৰেপৰা টিকট কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকাত টিকট বিক্ৰী কৰা হৈছে। আজি দ্বিতীয় দিনা কাউণ্টাৰ খোলাৰ কিছু সময়ৰ পাছতে শিক্ষাৰ্থ...

March 19, 2025 9:21 PM

views 26

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত কাইলৈৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায় আৰু পহিলা এপ্ৰিলৰ পৰা ১১ এপ্ৰিলল...

March 19, 2025 9:18 PM

views 28

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞা...

March 19, 2025 9:11 PM

views 19

অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰাৰ কোনো যুক্তিযুক্ততা নাইঃ মুখ্যমন্ত্রী

তিনিচুকীয়া নগৰত কেইগৰাকীমান ৰাজনৈতিক নেতাৰ উদ্যোগত বিহাৰ দিৱস উদযাপন কৰাৰ বিষয়ে বাতৰি প্ৰকাশৰ পাছত উজনি অসমৰ কেইবাটাও দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰাক লৈ নগৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমাৰ তিনিচুকীয়াৰ সংবাদদাতাই জনোৱা মতে ঐতিহাসিক মটক ৰাজ্যৰ ৰাজধানী বেংমৰা আৰু এতিয়াৰ তিনিচুকীয়া নগৰত বিহাৰ দিৱস...

March 19, 2025 8:46 PM

views 34

দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি শীঘ্ৰেই আৰম্ভ কৰাৰ আশ্বাস ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰা সম্পৰ্কত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি নতুন দিল্লীৰ ৰে'ল ভৱনত ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু দৰংবাসীৰ দীৰ্ঘদিনীয়া দাবী সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দৰং জিলাক সংযোগ কৰি নতুন ৰে’লপথ নিৰ্মাণৰ যাৱতীয...

March 19, 2025 8:28 PM

views 29

‘মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি’ নামেৰে মিজোৰাম চৰকাৰৰ আঁচনি প্ৰৱৰ্তন

মিজোৰাম চৰকাৰে ৰাজ্যখনত মিজোৰাম সাৰ্বজনীন স্বাস্থ্য সেৱা আঁচনি নামেৰে এখন বৃহৎ আঁচনি প্ৰৱৰ্তন কৰিছে। মিপুই হেল্থ কেয়াৰ বুলি পৰিচিত এই আঁচনিৰ অধীনত মিজোৰাম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালকে ধৰি সকলো শ্ৰেণীৰ পৰিয়ালে বছৰি ৫ লাখ টকালৈকে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব। এই আঁচনিখন আয়ুস্মান ভাৰত প...

March 19, 2025 8:26 PM

views 33

২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ১০৭ গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ বাবে মুঠ ৫৫ গৰাকী আৰু কামৰূপ জিলাৰ ১৬টা সমষ্টিৰ বাবে ৫২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। এই নিৰ্বাচনত...

March 19, 2025 8:22 PM

views 39

৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয়ৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৪ আৰু ৬ লেনযুক্ত পথ, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ বাবে অসমত ৩ লাখ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অসমত ৰাষ্ট্ৰীয় ঘাইপথ সন্দৰ্ভত অসম গণ পৰিষদৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা প্ৰশ্নৰ উত্তৰত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি ৰাজ্যসভাত এইকথা প্ৰকাশ কৰে।...

March 19, 2025 7:37 PM

views 17

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠক

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণাপ্রতাপ কলিতাৰ অধ্যক্ষতাত সপ্তম অসম বিত্ত আয়োগে আজি ডিব্ৰুগড়ত জিলাখনৰ স্থানীয় নিকায়, পৌৰ নিগম, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু বিভিন্ন উন্নয়নমূলক বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত আয়োগে ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ পৰা ২০২৩-২০২৪ বিত্তীয় বৰ্ষলৈকে জ...

March 19, 2025 7:34 PM

views 29

নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই নামৰূপত ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ বৰ্তমানৰ চৌহদত বছৰি ১২ লাখ ৭০ হাজাৰ মেট্রিক টন উৎপাদনক্ষম এম’নিয়া ইউৰিয়া প্ৰকল্প স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধক্ষ্যতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই প্ৰস্তাৱত অনুমোদন দিয়া হয়। এই প্ৰকল্পত...