March 20, 2025 8:14 PM

views 18

নতুন দিল্লীত খেল’ ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ উদ্বোধন ড° মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত খেল' ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰে। এই ক্রীড়া প্রতিযোগিতা ৰাষ্ট্ৰীয় ৰাজধানীখনৰ তিনিটা স্থানত আয়োজন কৰা হ'ব। তেৰশতকৈও অধিক পেৰা এথলীটে মুঠ ছটা ক্রীড়া শিতানত অংগ্ৰহণ কৰিব...

March 20, 2025 8:10 PM

views 68

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ

নির্বাচনী প্রক্রিয়া অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে যোৱা এটা মাহত নির্বাচন আয়োগে কেতবোৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নির্বাচন আয়োগে আজি এখন বিজ্ঞপ্তি যোগে এই বুলি কৈছে যে, আয়োগে প্রায় এক কোটি নির্বাচনী বিষয়াৰ বাবে কেতবোৰ ডিজিটেল প্রশিক্ষণ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে। আয়োগে কৈছে যে, জ্ঞানেশ কুম...

March 20, 2025 8:09 PM

views 21

চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত ১৭ লাখ ৮৯ হাজাৰ নতুন সদস্য অন্তর্ভুক্ত

চলিত বৰ্ষৰ জানুৱাৰীত কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত ১৭ লাখ ৮৯ হাজাৰ নতুন সদস্য অন্তর্ভুক্ত হৈছে। ২০২৪ বৰ্ষৰ ডিচেম্বৰৰ তুলনাত সদস্য সংখ্যা ১১ দশমিক ৪-৮ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্রকাশ মতে নিয়োগৰ সুযোগ বৃদ্ধি, কৰ্মচাৰীৰ লাভালাভ সন্দৰ্ভত সজাগতা বৃদ্ধি আৰু কৰ্মচাৰী ভৱিষ্য ...

March 20, 2025 8:02 PM

views 15

ব্যক্তিগত খণ্ড আৰু ষ্টার্টআপৰ অংশগ্রহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে বিল গেইটছৰ সৈতে জীতেন্দ্র সিঙ আলোচনাত মিলিত

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী জীতেন্দ্র সিঙে আজি নতুন দিল্লীত মাইক্ৰ'ছফট সহ-প্ৰতিষ্ঠাপক বিশিষ্ট উদ্যোগপতি বিল গেইটছৰ সৈতে আলোচনাত মিলিত হয়। ভাৰতৰ উদ্ভাৱনী খণ্ডত আৰু জৈৱ নিৰ্মাণ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ষ্টার্টআপৰ অংশগ্রহণ বৃদ্ধি কৰায়েই এই আলোচনাৰ মূল উদ্দেশ্যে। বৈঠকত ড° সিঙে পৰিৱেশ, নিয়োগৰ সুব...

March 20, 2025 7:59 PM

views 26

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বিল গেইটছৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে আজি মুম্বাইত মাইক্ৰ'ছফটৰ সহ-প্ৰতিষ্ঠাপক বিল গেইটছক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শ্ৰী গেইটছ মুখ্যমন্ত্ৰী ফাড়নাভিছে স্বাস্থ্য, কৃষি আৰু আন্তঃগাঁথনি খণ্ডত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ সন্দৰ্ভত ফলপ্রসূ আলোচনা কৰে। দুয়োগৰাক...

March 20, 2025 7:55 PM

views 10

সংসদৰ উভয় সদনৰ কামকাজ আজি দিনটোৰ বাবে স্থগিত

লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ প্ৰস্তাৱিত পুনৰ নিৰ্ধাৰণ বিষয়টো সন্দৰ্ভত ডি এম কে আৰু অন্যান্য বিৰোধী সাংসদসকলে কৰা প্ৰতিবাদৰ মাজতে আজি সাংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হয় । লোকসভাৰ কামকাজ দ্বিতীয়বাৰৰ বাবে স্থগিত হোৱাৰ পাছত দিনৰ ২ বজাত ইয়াৰ কামকাজ পুনৰ আৰম্ভ হোৱাৰ সময়ত ডি এম কেৰ স...

March 20, 2025 7:17 PM

views 106

অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন

ৰাজ্য চৰকাৰে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২৫ হাজাৰ নামঘৰক দুটা কিস্তিত ৩ লাখ টকাকৈ প্ৰদান ক...

March 20, 2025 7:04 PM

views 29

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰৰ দেহাৱসান

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ বৰঠাকুৰৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত মৰিয়নি মহাবিদ্যালয...

March 20, 2025 7:03 PM

views 85

অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন

ৰাজ্য চৰকাৰে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২৫ হাজাৰ নামঘৰক দুটা কিস্তিত ৩ লাখ টকাকৈ প্ৰদান ক...

March 20, 2025 7:01 PM

views 20

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই প্ৰবক্তাসকলৰ ন্যায্য দাবী পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে।