March 24, 2025 9:12 PM

views 11

লোকসভাত ২০২৫ বৰ্ষৰ বিত্তীয় বিধেয়ক সন্দৰ্ভত আলোচনা

লোকসভাত আজি ২০২৫ বৰ্ষৰ বিত্তীয় বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। আলোচনা আৰম্ভ কৰি কংগ্ৰেছৰ শশী থাৰুৰে দেশৰ সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থা বৰ জটিল বুলি মন্তব্য কৰে। তেওঁ কয়, যে মিষ্টান্ন সৰু সৰু ব্যৱসায়িক প্ৰতিষ্ঠানে ১৮ শতাংশ সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ কৰিবলগীয়া হৈছে কিন্তু নামকৰণৰ একৰূপতা প্ৰ...

March 24, 2025 9:11 PM

views 8

পিঁয়াজ ৰপ্তানিত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পিঁয়াজ ৰপ্তানিৰ ওপৰত ২০ শতাংশ শুল্ক প্রত্যাহাৰ কৰা বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীচৌহানে কয়, যে এই সিদ্ধান্তৰ ফলত কৃষকসকলৰ কষ্টোপার্জিত সামগ্ৰীবিধে শুল্কবিহীনভাৱে বিশ্বৰ বজাৰলৈ প্ৰসাৰ লাভ কৰিব আৰু ইয...

March 24, 2025 9:10 PM

views 12

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ উদ্বেগ প্রকাশ

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ কৰা বিষয়টো সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। শ্রীধনখড়ে আজি ৰাজ্যসভাৰ নেতা জে পি নাড্ডা আৰু বিৰোধী দলৰ নেতা মল্লিকার্জুন খাৰ্গেৰ সৈতে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। শ্ৰীধনখড়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ...

March 24, 2025 9:08 PM

views 10

চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিত প্রায় ১৮ লাখ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত

চৰকাৰে জানিবলৈ দিছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিত প্রায় ১৮ লাখ নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ আজি জাৰি কৰা বিশেষ তথ্য অনুসৰি কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহত এই আঁচনিৰ অধীনলৈ ২৭ হাজাৰ ৮০৫ নতুন প্রতিষ্ঠান...

March 24, 2025 9:07 PM

views 10

খেলো ইণ্ডিয়া পেৰা গেমছত সুমন দেৱী, সীমা ৰাণী, গুলফাম আহমেদ, জবি মেথিউৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া পেৰা গেমছৰ পঞ্চম দিনাও পেৰা এথলীটসকলে তেওঁলোকৰ একনিষ্ঠ আৰু অনৱদ্য প্ৰদৰ্শন অব্যাহত ৰাখিছে। আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শক্তি উত্তোলন শিতানত এথলীটসকলে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়। মহিলাৰ ৫৫ কিলোগ্রাম শাখাত সুমন দেৱীয়ে সোণৰ, জেছমীন মিছলীনে ৰূপৰ আৰু ভাৰতী আগৰৱালে ব্ৰঞ...

March 24, 2025 8:26 PM

views 24

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অডিঅ’ বাৰ্তা সন্দৰ্ভত তদন্তৰ দাবী বিধায়ক মানৱ ডেকাৰ

অসম বিধানসভাত আজি বিজেপিৰ মানৱ ডেকাই চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰাজ্যত চলি থকা দুর্নীতি, ছিণ্ডিকেট আৰু ৰেট হোল মাইনিঙৰ সন্দৰ্ভত যোৱা ৫ মাৰ্চত সোধা প্ৰশ্ন আৰু পৰৱৰ্তীকালত সামাজিক মাধ্যমত ভাইৰেল হোৱা বিধায়ক তালুকদাৰৰ বুলি অভিযোগ কৰা এটা অডিঅ' বাৰ্তাৰ প্ৰসংগ উত্থাপন কৰে। বিধায়ক মানৱ ডেকা...

March 24, 2025 8:24 PM

views 30

দৰং জিলাৰ ধূলা-খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত দুজন

দৰং জিলাৰ ধুলা আৰু খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্রীবাহী বাছক বিপৰীত দিশৰ পৰা যোৱা এখন তীব্ৰবেগী ডি আই গাড়ীয়ে খুন্দিওৱাৰ ফলতে দুজন যাত্রী নিহত আৰু ভালে কেইগৰাকী যাত্রী আহত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে AS-20-22...

March 24, 2025 8:22 PM

views 21

সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, দৈনিক ভাত্তা আৰু পেন্সন বৃদ্ধিৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, দৈনিক ভাত্তা আৰু পেন্সন বৃদ্ধিৰ জাননী জাৰি কৰিছে। এই অনুসৰি সাংসদসকলৰ মাহিলি দৰমহা এতিয়াৰ এক লাখ টকাৰ পৰা এক লাখ ২৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব। একেদৰে দৈনিক ভাত্তা বৰ্তমানৰ দুহেজাৰৰ পৰা দুহেজাৰ ৫০০ টকালৈ বৃদ্ধি কৰা হ'ব। প্ৰাক্তন সাংসদসকলৰ মাহিলি...

March 24, 2025 8:20 PM

views 25

বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন স্থানত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি হামৰেণৰ জিলা যক্ষ্মা কেন্দ্ৰত এই দিৱস পালন কৰা হয়। হামৰেণ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইনৰ সভাপতিত্বত আয়োজিত এই কাৰ্যসূচীত যক্ষ্মা ৰোগৰ লক্ষণ...

March 24, 2025 8:16 PM

views 12

ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সোণোৱালে এই অনুষ্ঠানত অংশ লৈ ভাৰতৰ সৈতে দেশখন...