March 31, 2025 8:41 PM

views 27

ৰাজ্যত উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো আজি উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন কৰা হৈছে। দিনৰ ভাগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয়। ঈদ উপলক্ষে ৰাজ্যৰ মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে। লগতে অতিথিক আপ্যায়নৰ বাবে ইছলামধৰ্মী লোকসকলে ঘৰে ঘৰে...

March 31, 2025 8:38 PM

views 9

বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ১৪০ কোটি ৬৯ লাখ টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুমুখী বিকাশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিলাষী প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত ১৪০ কোটি ৬৯ লাখ টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ২০...

March 31, 2025 8:32 PM

views 85

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো আজি ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা প্ৰথম বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মাৰক বক্তৃ...

March 31, 2025 8:29 PM

views 8

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৩ বজাত সামৰণি পৰিছে। গোৱালপাৰা আৰু কামৰূপৰ ৩৩টা পৰিষদীয় সমষ্টিত অহা ২ এপ্ৰিলত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বিজেপি, মিত্রদল অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে আজিও ব্যাপক প্ৰচাৰ চলায়। জলসম্পদ মন্ত্রী তথা বিজেপিৰ নেতা পী...

March 31, 2025 12:10 PM

views 22

যোৰহাটৰ ভেলোগুৰিত গঁড়ৰ খড়্গা আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ, এজনক গ্ৰেপ্তাৰ

যোৰহাট জিলাৰ মৰিয়নি থানাৰ অন্তৰ্গত ভেলোগুৰিত কালি আৰক্ষীয়ে এটা গঁড়ৰ খড়্গা আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজন উৎপল হাজৰিকা ওৰফে ভাইটি বুলি চিনাক্ত কৰা হৈছে। এই লোকজন দীৰ্ঘদিন ধৰি মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰি যোৱা কেইবামাহ ধৰি তেওঁৰ সন্ধ...

March 31, 2025 12:05 PM

views 21

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি ওপজা দিন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো আজি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত প্রথম বডোফা উপেন্দ্র নাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন ক...

March 31, 2025 12:03 PM

views 20

ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিটৰ উদযাপন

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ- মালহেৰে ঈদ উদযাপন কৰিছে। সমূহীয়া নামাজৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। তদুপৰি বাসগৃহসমূহো আটক ধুনীয়াকৈ সজাই তোলাৰ উপৰি অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰা...

March 31, 2025 11:58 AM

views 15

বিশ্বনাথত বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন

বিশ্বনাথত আজি ৰাজ্য চৰকাৰৰ বহুমুখী বিকাশৰ অংশ স্বৰূপে বিভিন্ন অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্রমণসূচীপে বিশ্বনাথত উপস্থিত হ'বলগীয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মন্ত্রী অশোক সিংহল, যোগেন মহন, অসম ৰাজ্য...

March 31, 2025 11:55 AM

views 17

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। পৰহিলৈ হ'বলগীয়া পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত আজি শাসক-বিৰোধী আটায়ে নিজ নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলাব। বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিভিন্ন স্থানত প্...

March 31, 2025 11:49 AM

views 35

ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ কাইলৈৰ পৰা প্ৰত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ ডিব্ৰুগড় জিলাৰ পৰা সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন ১৯৫৮ কাইলৈৰ পৰা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা ২৪ মাৰ্চত কেন্দ্রীয় গৃহমন্ত্ৰ্যালয়ে অসম চৰকাৰক এই বিষয়ে জনাই আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কালি সন্ধিয়া এই সম্পৰ্কত জাৰি কৰা অধি...