December 30, 2025 6:58 PM

views 26

প্রথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক বৰেণ্য অসমীয়া বঁটাৰে সন্মানিত

প্রথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শ‍ইকীয়াক আজি বৰেণ্য অসমীয়া বঁটাৰে সন্মানিত কৰা হয়। অসমৰ এটা বৈদ্যুতিন আৰু ছপা সংবাদ গোষ্ঠীয়ে সাহিত্যিকগৰাকীৰ বাসগৃহত এই সন্মান আগবঢ়ায়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডে...

December 30, 2025 6:55 PM

views 28

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় ৫৩ কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্রশাসনিক ভৱন, আধুনিক প্রযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়...

December 30, 2025 6:51 PM

views 15

ৰাজ্যত গোপনে কাম কৰি যোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি মহানগৰ আৰক্ষী আয়ুক্তৰ প্ৰকাশ

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত গোপনে কাম কৰি যোৱা বহিঃৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে উৎখাত কৰা বুলি প্ৰকাশ কৰিছে। কালি মুকলি কৰা মহানগৰ আয়ুক্তৰ নতুন কাৰ্যালয়ত সম্বোধন কৰা প্ৰথমখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, যে দেশৰ আন ...

December 30, 2025 6:43 PM

views 51

ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ ১.৩৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া আলোক কুমাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যত ৬০ হাজাৰৰো অধিক বি এল অ'ৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে বুলি প্ৰকাশ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা ২ কোটি ৫২ লাখ এহেজাৰ ৬২৪। সেই অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতক...

December 30, 2025 10:47 AM

views 23

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত

বিগত তিনি-চাৰিদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্রাস পায়। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সাল-সলনি ঘটা নাই যদিও সর্বোচ্চ ...

December 30, 2025 10:44 AM

views 31

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে’ল প্ৰকল্পত ৰে’ল মন্ত্র্যালয়ে অনুমোদন

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৬৯৩৪২ কোটি টকা ব্যয়সাপেক্ষ ১২ টা নতুন ৰে'ল প্ৰকল্পত ৰে'ল মন্ত্র্যালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ৮ টা নতুন ৰে'লপথ প্ৰকল্প আৰু ৪ টা ৰে'লপথৰ দ্বৈতকৰণ প্রকল্প আছে। এই প্ৰকল্পৰ অধীনত সাতশ ৭৭ কিলোমিটাৰ ৰে'লপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰে ২৭৮ কিলোমিটাৰ ৰে'লপথ ইতিম...

December 30, 2025 10:41 AM

views 16

কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে জাননী জাৰি

কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে আজিৰেপৰা জাননী জাৰি কৰা হ'ব। ১৫ দিনৰ ভিতৰত ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। যোৱা ২৬ ডিচেম্বৰত ৰাজ...

December 30, 2025 10:35 AM

views 33

ভাৰতৰ অৰ্জুন এৰিগাইচি এফ আই ডি ই বিশ্ব ব্লিট্জ দবা প্রতিযোগিতাৰ প্ৰথম দিনৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত

ভাৰতৰ অৰ্জুন এৰিগাইচিয়ে কাটাৰৰ ডোহাত চলি থকা চলিত বৰ্ষৰ এফ আই ডি ই বিশ্ব ব্লিট্জ দবা প্রতিযোগিতাৰ প্ৰথম দিনৰ অন্তত পইণ্ট তালিকাৰ শীৰ্ষ স্থানত উপনীত হৈছে। প্ৰতিযোগিতাৰ মুকলি শিতানত ১৩টা ৰাউণ্ডৰ অন্তত লাভ কৰা ১০ পইণ্টৰ সুবাদত খেলুৱৈগৰাকী সম্প্ৰতি মেক্সিম ভাছিয়াৰ লাগ্রেভ আৰু ফেবিয়ানো কাৰোৱানাৰ সৈতে ...

December 30, 2025 10:31 AM

views 28

মধ্যপ্ৰদেশৰ নীৰু ধাণ্ডাৰ ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ মহিলাৰ ট্ৰেপ শিতানত সোণৰ পদক দখল

এছিয়ান চেম্পিয়নশ্বিপছৰ সোণৰ পদক বিজেতা মধ্যপ্ৰদেশৰ নীৰু ধাণ্ডাই দিল্লীৰ ড০ কনি সিং ৰেঞ্জত চলি থকা ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপৰ মহিলাৰ ট্ৰেপ শিতানত সোণৰ পদক দখল কৰিছে। একেটা শিতানত দিল্লীৰ কীৰ্তি গুপ্তাই ৰূপৰ আৰু মধ্যপ্ৰদেশৰ প্ৰগতি ডুবেই ব্ৰঞ্জৰ পদক দখল কৰে।

December 30, 2025 10:26 AM

views 35

ভাৰতৰ মহিলা ক্রিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ক্রিকেট দলটো আজি শ্ৰীলংকাৰ বিৰুদ্ধে পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীন ফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। হৰমন প্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইতিমধ্যে শৃংখলাৰ চাৰিখন খেলত...