December 30, 2025 8:22 PM

views 15

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্র সিঙে ২০২৫ বৰ্ষটোক জীৱন ধাৰণ তথা কাম-কাজৰ সুচলতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰশাসনীয় সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰিছে

কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি তথা পেঞ্চন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে ২০২৫ বৰ্ষটোক জীৱন ধাৰণ তথা কাম-কাজৰ সুচলতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰশাসনীয় সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি বর্ষান্তৰ সংবাদমেল এখনত মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন সেৱাত নিয়োজিত ব্যক্তিসকলে কর...

December 30, 2025 8:18 PM

views 27

পশ্চিমবংগ চৰকাৰে সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীক ভূমি প্রদান কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অভিযোগ

  পশ্চিমবংগ চৰকাৰে সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীক ভূমি প্রদান কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্রীয় গৃহ মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে অভিযোগ তুলিছে। তেওঁ লগতে ধন কর্তন বলপূর্বক ধনদাবী আৰু সাম্প্রদায়িক তোষামোদৰ বাবে ৰাজ্যখনত উন্নয়ন প্রক্...

December 30, 2025 8:14 PM

views 33

প্ৰাক্তন প্রধানমন্ত্রী, বি এন পিৰ সভানেত্রী খালিদা জীয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত বাংলাদেশ চৰকাৰৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

বাংলাদেশ চৰকাৰে প্ৰাক্তন প্রধানমন্ত্রী তথা বাংলাদেশ নেচনেলিস্ট পার্টী বি এন পিৰ সভানেত্রী খালিদা জীয়াৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নামাজ এ জানাজাৰ বাবে কাইলৈ সার্বজনীন ছুটীও ঘোষণা কৰা হৈছে। দেশখনৰ অন্তর্বর্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা প্ৰ...

December 30, 2025 8:11 PM

views 17

যুৱ লেখকসকলক দিশ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে PM-Yuva-3.0 প্রধানমন্ত্রীৰ আঁচনিৰ অধীনৰ গ্রন্থ নিৰ্বাচনৰ ফলাফল ঘোষণা

শিক্ষা মন্ত্র্যালয়ে যুৱ লেখকসকলক দিশ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে আৰম্ভ হোৱা PM-Yuva-3.0 প্রধানমন্ত্রীৰ আঁচনিৰ অধীনৰ গ্রন্থ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত ইংৰাজী তথা ২২ টা ভাৰতীয় ভাষাত ৪৩খন প্রস্তাৱিত গ্রন্থ নিৰ্বাচন কৰা হৈছে। শিক্ষা মন্ত্র্যালয়ে প্রকাশ কৰিছে যে, বিশিষ্ট শিক্ষাবিদসকলৰ ছমহীয়...

December 30, 2025 8:06 PM

views 32

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসভৱনত ইউক্রেইনে আক্রমণ চলোৱাৰ উত্থাপিত অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্বিগ্নতা প্রকাশ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসভৱনত ইউক্রেইনে আক্রমণ চলোৱাৰ উত্থাপিত অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উদ্বিগ্নতা প্রকাশ কৰিছে। সামিজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রীমোদীয়ে শত্রুতাৰ অৱসান ঘটাই স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত কূটনৈতিক আলোচনাৰ পথেই উৎকৃষ্ট বুলি মত...

December 30, 2025 8:03 PM

views 16

বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়কখন সংসদত গৃহীত কৰা হৈছেঃ কেন্দ্রীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহান

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে বৰ্তমানৰ আৱশ্যকতাৰ কথা বিবেচনা কৰিয়েই বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান জী ৰাম জী বিধেয়কখন সংসদত গৃহীত কৰা হৈছে। এই বিধেয়কখনে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ দোষ-ত্রুটিসমূহ নাইকিয়া কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভূপালৰ এ...

December 30, 2025 7:31 PM

views 27

৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাত ডি বি আই কামৰূপ ফাইনেলত প্ৰৱেশ

মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপ-সমিতিৰ তত্বাৱধানত চলি থকা ৫০ সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্রাইজমানি ফুটবল প্রতিযোগিতাৰ আজি ছেমি ফাইনেলত ডি বি আই কামৰূপে নর্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি ফাইনেললৈ প্ৰৱেশ কৰিছে। ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কার...

December 30, 2025 7:26 PM

views 38

অৰণ্য মানব যাদব পায়েঙৰ মোলাই কাঠনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ অৰণ্য সুৰক্ষা সমিতি, অসমৰ তীব্র গৰিহণা

অৰণ্য সুৰক্ষা সমিতি, অসমে অৰণ্য মানব ৰূপে খ্যাত যাদব পায়েঙৰ মোলাই কাঠনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ তীব্র গৰিহণা দিছে। এই সন্দৰ্ভত সমিতিয়ে চৰজমিন তদন্তৰ দাবী উত্থাপন কৰিছে। এটা প্ৰেছ বিজ্ঞপ্তিত সমিতিৰ সচিব প্রধান ড০ হৰিচৰণ দাসে কয় যে অগ্নিকাণ্ড কোনে কিয় সংঘটিত কৰিলে তাক জানিবৰ বাবে তদন্তৰ প্ৰয়ো...

December 30, 2025 7:20 PM

views 45

শীতৰ প্ৰকোপৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশ জাৰি

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা অহা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নির্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত ...

December 30, 2025 7:07 PM

views 66

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি

অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত আজি মাজুলীৰ পকাজৰাত এটা ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে কেন্দ্ৰটো মুকলি কৰে। উল্লেখযোগ্য যে ২০২৫-২৬ বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ২৩৬৯ টকাৰ উপৰি অতিৰিক্ত সাহায্য ২৫০...