December 26, 2025 8:23 PM

views 22

ধেমাজি জিলাৰ গোগামুখৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজকর্মী অতুল বৰাৰ মৃত্যু

ধেমাজি জিলাৰ গোগামুখৰ বিশিষ্ট সাংবাদিক, লেখক তথা সমাজকর্মী অতুল বৰাৰ আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। আমাৰ অসম, দৈনিক জনমভূমি, অসমীয়া প্রতিদিনকে ধৰি বিভিন্ন কাকতত ঘিলামৰাৰ সাংবাদিক হিচাপে তেওঁ সেৱা আগবঢ়া আহিছিল। তেওঁৰ মৃত্যুত ধেমাজি জিলা সা...

December 26, 2025 8:20 PM

views 23

উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ পুখুৰীত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

উত্তৰ পশ্চিম যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপৰ এটা পুখুৰীত কালি এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃত লোকজনক মালোপথাৰৰ ৰান্ধনীজান গাঁৱৰ প্ৰসেনজিৎ‍ শ‍ইকীয়া বুলি চিনাক্ত কৰা হৈছে। ২২ ডিচেম্বৰৰ দুপৰীয়াৰ পৰা লোকজন সন্ধানহীন হৈ আছিল। তেওঁ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প...

December 26, 2025 9:24 PM

views 50

বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা ২০গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁ...

December 26, 2025 8:15 PM

views 32

বিকশিত ভাৰত জি ৰাম জী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম-কাজ অব্যাহত আছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় গ্রামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যক বাস্তৱায়িত কৰাৰ বাবে বিকশিত ভাৰত জি ৰাম জী আঁচনিৰ অধীনত দেশৰ গ্ৰামাঞ্চলত উন্নয়নমূলক কাম-কাজ অব্যাহত আছে। ডী ডী নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীচৌহানে কয় যে এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ লোকৰ নিয়োগ নিশ্চিতৰ ...

December 26, 2025 8:13 PM

views 35

ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্রীমোদীয়...

December 26, 2025 8:07 PM

views 13

নতুন দিল্লীত আজিৰেপৰা তিনিদিনীয়া পঞ্চম সংখ্যক মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত

নতুন দিল্লীত আজিৰেপৰা তিনিদিনীয়া পঞ্চম সংখ্যক মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আৰু পৰহিলৈ এই সন্মিলনত অধ্যক্ষতা কৰিব। এই সন্মিলনে ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ, ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ...

December 26, 2025 6:45 PM

views 23

ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি ছহিদ উধম সিঙৰ জয়ন্তীত স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে অমৰ ছহিদ উধম সিঙে জালিৱানৱালাবাগৰ গণহত্যাৰ প্ৰতিশোধ ল'বলৈ ইংৰাজৰ বিৰুদ্ধে দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি অসামান্য সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰিছিল।

December 26, 2025 6:42 PM

views 26

অন্ধ্ৰ প্ৰদেশত আজি পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৫ জন লোক আহত

অন্ধ্ৰ প্ৰদেশত আজি নিচেই পুৱা দুটা পৃথক পথ দুৰ্ঘটনাত ৭জন লোকে প্ৰাণ হেৰুৱায় আৰু ৫ জন লোক আহত হয়। গুন্টুৰ জিলাত এখন ব্যক্তিগত বাছে এখন চাৰিচকীয়া বাহনত পিছফালৰ পৰা খুন্দিওৱাৰ ফলত তিনিজন লোক নিহত হয় আৰু তিনিজন লোক আহত হয়। ৰাজ্যখনৰ নানদয়াল জিলাত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱায়। এখন দ্র...

December 26, 2025 6:40 PM

views 33

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি

কৰ্ণাটকৰ চিত্ৰদুৰ্গত এখন ব্যক্তিগত বাছ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পাছত অগ্নিদগ্ধ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৭ লৈ বৃদ্ধি পাইছে। দুর্ঘটনাগ্রস্ত বাছখনৰ চালকজনে আজি পুৱা প্ৰাণ হেৰুৱায়। কালি দুর্ঘটনাটোত ছজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছিল আৰু ২১ জন লোক আহত হৈছিল। বাছখনৰ পৰা ...

December 26, 2025 6:33 PM

views 16

ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ব বন্ধু সেনৰ মৃত্যুত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ বিশ্ব বন্ধু সেনৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রীয়ে কয় যে ত্ৰিপুৰাৰ উন্নয়ন আৰু বিভিন্ন সামাজিক দিশত থকা তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক সদায়ে স্মৰণ কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইয়ো তেওঁ...