December 27, 2025 8:04 PM

views 25

পাকিস্তানী সেনাৰ ওপৰত চলোৱা দুটা পৃথক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ

বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট চমুকৈ বি এল এফে পাকিস্তানী সেনাৰ ওপৰত চলোৱা দুটা পৃথক আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এটা বিবৃতিত সংগঠনটোৰ মুখপাত্রই যোৱা বৃহস্পতিবাৰে ছোৰাব বজাৰত যুটীয়া সীমান্ত বাহিনী আৰু আৰক্ষী পহৰা চকীত সংঘটিত আক্রমণ বি এল এফে চলোৱা বুলি স্বীকাৰ কৰিছে। একেদিনাই অ’ৰমাৰাৰ বাছুল অঞ্চলত ...

December 27, 2025 8:02 PM

views 21

কাইলৈ তিৰুৱনন্তপুৰমত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰতে তৃতীয়খন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰিছিল। পাঁচখনীয়া টী-২০ প্রতিযোগিতাত ভাৰতে ইতিমধ্যে ৩-০ৰ অগ্ৰগতিৰে শৃংখলা হস্তগত কৰিছে।

December 27, 2025 7:50 PM

views 31

পার্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখসংখ্যক পৰ্যটকৰ আগমন

পার্বত্য ৰাজ্য ছিকিমত চলিত শীতকালত অভিলেখসংখ্যক পৰ্যটকৰ আগমন হৈছে। উত্তৰ ছিকিমৰ লাচুঙৰ সকলো হোটেলৰ বুকিং ইতিমধ্যে সম্পূৰ্ণ হৈছে। পূৱ ছিকিমৰ নাথুলা আৰু জুলুকত ২২ ডিচেম্বৰৰ পৰা অগণন পৰ্যটকৰ সমাগম হৈছে। বিগত বছৰতো ৰাজ্যখনত মটৰ চাইকেল এডভেঞ্চাৰ পৰ্যটন বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ স...

December 27, 2025 7:46 PM

views 42

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাত ৩ গৰাকী গ্ৰেণ্ড মাষ্টাৰক পৰাস্ত কৰে

১৫ বছৰীয়া ভাৰতীয় দবা খেলুৱৈ গৌতম কৃষ্ণাই ফিডে বিশ্ব ৰেপিড দবা প্ৰতিযোগিতাৰ আজি প্ৰথম দিনা সুন্দৰ প্ৰদৰ্শনেৰে তিনিগৰাকী গ্ৰেণ্ড মাষ্টাৰ আলেকজেণ্ডাৰ ইন্দজিক, অৰবিন্দ চিদাম্বৰম আৰু টেইমুৰ ৰাদজাবভক পৰাস্ত কৰে। গৌতমে অন্য দুজন খৈলুৱৈৰ বিৰুদ্ধে ডু খেলে আৰু প্ৰতিযোগিতাৰ প্ৰথম দিনা অপৰাজেয় হৈ ৰয়। খেলুৱৈ...

December 27, 2025 7:44 PM

views 25

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ- জম্মু মাৰাথন-২০২৫ আয়োজন

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ-জম্মু মাৰাথন-২০২৫ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা, স্বাস্থ্যকৰ জীৱন-যাপন আৰু সামূহিক অংশগ্রহণ বৃদ্ধিৰ উদ্দেশ্যেই ইয়াৰ আয়োজন কৰা হৈছে। অধিক লোকৰ অংশগ্ৰহণৰ লক্ষ্যৰে একতাৰ দৌৰত ১০টা বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি পুৰুষ,মহিলা...

December 27, 2025 6:59 PM

views 35

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত ইয়াৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। অসমৰ ভাষা, সাহিত্য আৰু সংস্কৃতিক ঐতিহ্যৰ অন্যতম শীর্ষস্থানীয় অনুষ্ঠান ৰূপে অসম সাহিত্য সভাই জাতীয় জীৱনলৈ অনন্য অৱদান আগবঢ়াই আহিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী হিমন্ত বি...

December 27, 2025 6:45 PM

views 37

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অহা সোমবাৰে অসমলৈ আহিব। তেওঁ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন...

December 27, 2025 6:42 PM

views 25

ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ আলোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। সন্ধ্যা ৭ বজাত হ'বলগীয়া এই বৈঠকত বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক আৰু সাংসদ উপস্থিত থাকিব। বৈঠকত বিধানসভা নিৰ্বাচনৰ দলীয় কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব।

December 27, 2025 6:39 PM

views 33

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিজেপিৰ বাবে প্ৰতিটো নির্বাচনেই সভ্যতাৰ যুঁজ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে, যে ৬০ দিন পাছত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ আজি দ্বিতীয় তথা...

December 27, 2025 6:36 PM

views 29

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ আঁচনি সম্পৰ্কত কথোপথন শুনিবলৈ পাব। ইয়াত ভাগ ল'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ-প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা জিণ্টীৰাণী ডেকাই।