January 10, 2025 1:58 PM

views 17

ওদালগুৰিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিবেশনৰ আজি দ্বিতীয় দিন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত কালিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশন চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অধিৱেশনৰ মূল তোৰণ আৰু সাহিত্য অকাডেমী বঁটাপ্ৰাপক ড০ ৰীতা বড়োৱে খেংখাই শীৰ্ষক শুভংকৰ উন্মোচন কৰে। অধিৱেশনৰ সৈতে সংগতি ৰাখি ...

January 10, 2025 1:51 PM

views 24

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ ৰূপ দিয়াত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত দেশৰ অন্যতম সন্মানজনক শিক্ষা প্রতিষ্ঠান শান্তি নিকেতনৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগটো পূৰ্ণাংগ বিভাগৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগে অনুমোদন জনাইছে। বিশ্বভাৰতী কৰ্তৃপক্ষই কালি আনুষ্ঠানিকভাৱে এই অনুমোদন পত্ৰ লাভ কৰে। বিশ্...

January 10, 2025 1:43 PM

views 27

উমৰাংছ’ৰ তিন কিলোৰ কয়লা খনিত শ্ৰমিকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত

যোৱা সোমবাৰে উমৰাংছ'ৰ তিন কিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ চাৰি দিন অতিবাহিত হোৱাৰ পাছতো খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্যত নিয়োজিত নৌ সেনা বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনী, সেনা বাহিনী, ক'ল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আদি স...

January 10, 2025 1:36 PM

views 29

মন্ত্ৰী অন্নপূর্ণা দেৱীৰ তিনিদিনীয়া চিন্তন শিবিৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ৰাজস্থানৰ উদয়পুৰত এটা তিনিদিনীয়া চিন্তন শিৱিৰ মুকলি কৰিব। এই শিৱিৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিৰ সৈতে সমগ্ৰ দেশৰ মহিলা তথা শিশুৰ সামগ্রিক বিকাশ আৰু কল্যাণৰ সৈতে জড়িত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। এই শিৱিৰে প্ৰত্যাহ্বান দূৰ কৰাৰ, দ...

January 10, 2025 1:32 PM

views 21

কানাডাত প্ৰধানমন্ত্ৰী পদৰ বাবে ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যৰ প্রার্থিত্ব ঘোষণা

কানাডাত ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যই প্ৰধানমন্ত্ৰী জাষ্টিন ট্রুডোৰ পদত্যাগৰ পাছত প্ৰধানমন্ত্ৰী পদৰ বাবে নিজৰ প্রার্থিত্ব ঘোষণা কৰিছে। অটোবাৰ লিবাৰেল পাৰ্টীৰ সাংসদ আৰ্য্যই প্রধানমন্ত্রী পদত অধিষ্ঠিত হ'লে গ্রাহক কাৰ্বন কৰ আঁতৰোৱাৰ লগতে কানাডাক গণতান্ত্রিক দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'ব ...

January 10, 2025 1:24 PM

views 31

২০২৫ বৰ্ষত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ’ব : ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ ধবজাবাহী অর্থনৈতিক প্ৰতিবেদনত ২০২৫ বৰ্ষত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ বিকাশ হাৰ ৬.৬ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। ঘাইকৈ সামগ্ৰীৰ ব্যক্তিগত ব্যৱহাৰ আৰু বিনিয়োগৰ বাবে বিকাশ হাৰ বৃদ্ধি পাব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কালি জাৰি কৰা ৰাষ্ট্ৰসংঘৰ ২০২৫ বৰ্ষৰ বিশ্ব অর্থনৈতিক স্থিতি আৰু সম্ভাৱনা স...

January 10, 2025 1:20 PM

views 19

নতুন দিল্লীত কেন্দ্ৰীয় বিদ্যালয়ৰ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্রতিযোগিতা

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি নতুন দিল্লীত কেন্দ্ৰীয় বিদ্যালয়ৰ ৩৪ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ প্রতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰিব। সংসদীয় পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতি যোগে কৈছে, যে কেন্দ্রীয় বিদ্যালয় সংগঠনৰ ২৫টা অঞ্চলৰ প্ৰায় ১৫০ খন কেন্দ্ৰীয় বিদ্যালয়ে এই প্রতিযোগিতাত ভাগ লয়।...

January 10, 2025 1:14 PM

views 33

চলিত বৰ্ষৰ এৰো ইণ্ডিয়া প্ৰদৰ্শনীৰ পূৰ্বে ৰাষ্টদূতসকলৰ ঘূৰণীয়া মেজমেল

চলিত বৰ্ষৰ এৰো ইণ্ডিয়া প্ৰদৰ্শনীৰ পূৰ্বে আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত ৰাষ্টদূতসকলৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে, এই বৈঠকত ভাৰতৰ সৈতে সুসম্পর্ক থকা ১৫০ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু উচ্চায়ুক্তসকলে ভাগ ল'ব। এছিয়া সর্ববৃহৎ বিমান প্রদ...

January 10, 2025 1:07 PM

views 31

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ১৭ জানুৱাৰীলৈ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২০ জানুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ব। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্ব...

January 10, 2025 1:04 PM

views 42

ভাৰত মণ্ডপমত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আৰম্ভ

বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আৰম্ভ হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে কৈছে, যে যুৱক-যুৱতীসকলক বিকশিত ভাৰতৰ বাবে উদ্ভাৱণমূলক সমাধান আগবঢ়োৱাৰ অনন্য মঞ্চ প্ৰদান কৰাই এই তিনিদিনীয়া আলোচনাৰ মূল উদ্দেশ্যে। এই আলোচনাই যুৱ নেতাসকলক ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্ৰত...