January 11, 2025 8:52 PM

views 34

ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰীত বাংলাদেশী লোকক অবৈধভাবে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলিত আহত

শ্রীভূমি জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলবাৰীত আজি বাংলাদেশী লোকক অবৈধভাবে ভাৰতত প্ৰৱেশ কৰোৱাৰ অভিযোগত আটক কৰা এজন যুৱক আৰক্ষীৰ গুলিত আহত হয়। আমাৰ শ্ৰীভূমিৰ সংবাদদাতাই জনোৱা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ বাসিন্দা যুৱৰাজ নামৰ এই যুৱকজনক কালি আৰক্ষীয়ে কৰিমগঞ্জ ৰেলৱে ষ্টেছনৰ সমীপত গ্ৰেপ্তাৰ কৰিছিল। ধৃত য...

January 11, 2025 8:46 PM

views 48

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাইঃ ডাঃ অভিজিত শৰ্মা

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতবৰ্ষত এই ভাইৰাছৰ অৱস্থিতি ২০০১ চনতে ধৰা পৰিছিল বুলি ব্যক্ত কৰি ডাঃ শৰ্মাই কয়, যে এইচ এম পি ভাইৰাছত সাধাৰণতে ৫ বছৰৰ তলৰ শিশুহে আক্রান্ত হয় আৰু আক্ৰান্ত হোৱা শিশুৰ গ...

January 11, 2025 8:42 PM

views 23

১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দিছপুৰ প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আজি নাট্য সন্মিলনৰ প্ৰধান সম্পাদক ...

January 11, 2025 8:38 PM

views 29

আজিৰে পৰা ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনস্থলী লোকে লোকাৰণ্য হৈ পৰে। আজি পুৱা পতাকা উত্তোলন কৰে সভাপতি ড° সুৰ্থ নাৰ্জাৰীয়ে। ছহিদ সকলক পুষ্পাঞ্জলী অর্পন, বড়ো সাহিত্য সভাৰ স্বৰ্গীয় কাণ্ডাৰী সকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলী অর্পন, সম্বৰ্ধনা আৰু বট...

January 11, 2025 8:26 PM

views 46

পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ আৰম্ভ

নগাওঁ জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আজি আৰম্ভ হৈছে। এই উপলক্ষে আজি বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ফনীন্দ্ৰ নাথ গায়ন আৰু বিশিষ্ট শিক্ষাবিদ তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ বিপুল চন্দ্ৰ মজুম...

January 11, 2025 8:22 PM

views 43

মাজুলীৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি

মাজুলী জিলাৰ মিলিত কৃষ্টি সংঘ বালিচাপৰিৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া জ্যোতি সংগীতৰ কৰ্মশালাৰ আজি সামৰণি পৰে। এই কৰ্মশালাত জ্যোতি সংগীতৰ স্বৰলিপিৰ সঠিক ব্যৱহাৰত গুৰুত্ব দিয়া হয়। সংগীতশিল্পী মিতালী গোস্বামীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক কেইবাটাও জ্যোতি সংগীত গোৱাৰ প্ৰশিক্ষণ দিয়ে।

January 11, 2025 8:18 PM

views 36

শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত ‘জীৱন সন্ধানী নিৰুপমা’ নামৰ অভিনন্দন গ্রন্থ উন্মোচন

বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক নিৰুপমা মিশ্ৰৰ জীৱনৰ ওপৰত আধাৰিত ‘জীৱন সন্ধানী নিৰুপমা’ নামৰ এখন অভিনন্দন গ্রন্থ আজি উন্মোচন কৰা হয়। বৰপেটা জিলা লেখিকা সমাৰোহ সমিতিয়ে প্ৰকাশ কৰা গ্ৰন্থখন বিশিষ্ট শিক্ষাবিদ ড° চাৰু চহৰীয়া নাথে উন্মোচন কৰে। এই উপলক্ষে বৰপেটা সাহিত্য সভা ভৱনত আয়োজিত অনুষ্ঠানত বিশি...

January 11, 2025 8:10 PM

views 30

৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত ৩ দিনীয়া চৰাইদেউ মহোৎসৱৰ আজি সামৰণি

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত যোৱা ৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত তিনিদিনীয়া চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। আজি পুৱা উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰা এই শোভাযাত্রাত ৫০ টা সাংস্কৃতিক দলে অ...

January 11, 2025 7:30 PM

views 36

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০ মহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই আজি এটি দহমহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি ধৰা পেলায়। উল্লেখযোগ্য যে দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্রান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্...

January 11, 2025 7:24 PM

views 42

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ

শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ নম্বৰ সংযোজিত অঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাঘ বিহু উপলক্ষে সমুহীয়া মাছ ধৰা কাৰ্য নিষিদ্ধ কৰিছে। জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ১৬৩ নম্বৰ ধ...