January 11, 2025 9:24 PM

views 42

বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন উপৰাষ্ট্ৰপতি ধনখড়ৰ

দেশত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি হোৱাটোৱে যথেষ্ট নহয় বৰং এই প্রক্রিয়াসমূহ নিকা যেন লগাটোও অত্যন্ত প্রয়োজন। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এই মন্ত...

January 11, 2025 9:20 PM

views 43

২০২৪ বৰ্ষত ১৬,৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছেঃ গৃহমন্ত্রী

২০২৪ বৰ্ষত ১৬ হাজাৰ ৯০০ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য জব্দ কৰা হৈছে আৰু এয়া স্বাধীনতাৰ পাছত কোনো এটা বছৰত জব্দ কৰা মাদক দ্ৰব্যৰ সৰ্বাধিক পৰিমাণ বুলি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নতুন দিল্লীত আজি মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় আঞ্চলিক সন্মিলনত অধ্যক্ষতা...

January 11, 2025 9:19 PM

views 60

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত ৩হাজাৰ যুৱ নেতাৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতা আলোচনাত তিনি হাজাৰ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠানত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত দৃষ্টিভংগী সন্দৰ্ভত উপস্থাপন দিব। এই উপলক্ষে শ্রী মোদীয়ে এটা জনসমাৱেশক উদ্দেশি ভাষ...

January 11, 2025 9:16 PM

views 46

মালয়েছিয়া অ’পেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ ভাৰতৰ সাত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটী

ভাৰতৰ সাত্বিকসাইৰাজ ৰনকিৰেড্ডী আৰু ছিৰাগ ছেট্টীৰ যুটীটো মালয়েছিয়া অ'পেন বেডমিণ্টন প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ভাৰতীয় যুটীটো আজি কোৱালালপুৰত অনুষ্ঠিত পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ ছিঅ' চ্যুংগ জি আৰু কিম ৱন হোৰ হাতত ১০-২১, ১৫-২১ গেমত পৰাজিত হয়।

January 11, 2025 9:15 PM

views 29

গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত বহুসংখ্যক লোকৰ সমুহীয়া মাছ ধৰা কাৰ্য সম্পন্ন

গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত আজি বহুসংখ্যক লোকে সমুহীয়া মাছ ধৰা কাৰ্যত ভাগ লয়। মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সূদৃঢ় কৰাৰ উদ্দেশ্যে আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পৰিচালনা সমিতিয়ে এই সমুহীয়া মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰে...

January 11, 2025 9:13 PM

views 35

ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ

ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী চকীৰ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মনক উৎকোচ লোৱাৰ অভিযোগত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে। জিলা আৰক্ষী অধীক্ষকৰ উদ্ধৃতি দি আমাৰ ধুবুৰীৰ সংবাদদাতাই জনোৱা মতে, চোৰাং কাঠ ব্যৱসায়ীৰ বাহনৰ পৰা উৎকোচ লোৱাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছত জিলা আৰক্ষী অধীক্ষক নবীন সিঙে কনিষ্টবল বর্মনক ৰিজাৰ্ভ ক্লোজ কৰা...

January 11, 2025 9:11 PM

views 36

তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলা, ২০২৫ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ

গ্রাম্য পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা তিনিচুকীয়া জিলাৰ ৰসবাৰী পৰ্যটন মেলা, ২০২৫ কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। ঐতিহাসিক দুৱাৰমৰা নৈৰ পাৰত অনুষ্ঠিত এই পৰ্যটন মেলাৰ কাইলৈ সামৰণি পৰিব। সপ্তম বৰ্ষত ভৰি দিয়া এই পর্যটন মেলাত স্থানীয় জাতি-জনগোষ্ঠীৰ নৃত্য, পৰম্পৰাগত খাদ্য, সাজ-পাৰ তথা অন...

January 11, 2025 9:09 PM

views 34

ভোগালী বিহু উপলক্ষে ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা

সমাগত ভোগালী বিহু উপলক্ষে নগাঁও জিলা মীন বিষয়াৰ কাৰ্যালয় তথা নগাঁও ফিচফেড প্ৰাংগণত পৰহিলৈ পুৱা ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আয়োজন কৰা এই মীন বিপণীত স্থানীয় মীন পালকৰ দ্বাৰা বিক্ৰী কৰা মাছ ৰাইজে সুলভ মূল্যত কিনিব পাৰিব।

January 11, 2025 9:07 PM

views 51

ডিফু ক্লাৱ চৌহদত অসমী ভোগালী মেলাত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ ৬০ টা আত্মসহায়ক গোটৰ যোগদান

কাৰ্বি আংলং জিলাৰ ঐতিহ্যমণ্ডিত ডিফু ক্লাৱ চৌহদত চলি থকা অসমী ভোগালী মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০ টা আত্মসহায়ক গোটে যোগদান কৰে। আত্মসহায়ক গোটৰ সদস্যাসকলে নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ পিঠা পনা আৰু সাজপাৰো বিক্ৰী কৰে।

January 11, 2025 9:00 PM

views 51

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহৰ পৰ্যালোচনা মন্ত্রী পিযুষ হাজৰিকাৰ

ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ আজি জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰ্যালোচনা কৰে। তেওঁ প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্র, বুঢ়িদিহিং, বেকীক...