January 16, 2025 8:02 PM

views 21

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ২০২৪-২৫ বৰ্ষৰ বাবে কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৪-২৫ বৰ্ষৰ বাবে কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন প'ৰ্টেল মুকলি কৰিব। এই সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে পৰিষদে সংশ্লিষ্ট সকলো পক্ষকে পৰিষদৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে। নিৰ্দেশনাটোত পৰিষদে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ বাবে কোনো ধৰণৰ স...

January 16, 2025 8:00 PM

views 16

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭-৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ পৰা বাছনি লাভ কৰা চলচ্চিত্ৰসমূহৰ প্ৰদৰ্শন, সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল বাৰ্তালাপৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইৰানৰ চলচ্চিত্ৰ পৰিচালক বাবা...

January 16, 2025 7:56 PM

views 17

আছুৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়াৰ বিপিএফত যোগদান

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ প্ৰবীণ বড়ো আৰু দ্বীপজ্যোতি চহৰীয়াই কংগ্ৰেছ দল ত্যাগ কৰি আজি বড়োলেণ্ড পিপলছ পাৰ্টী চমুকৈ বিপিএফত যোগদান কৰে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত চিৰাঙৰ শ্যাম থাইবাৰী বাথৌ খেৰাই ৰিজৰ্টত এই দুয়োজন নেতাই বিপিএফত যোগদা...

January 16, 2025 7:07 PM

views 17

উমৰাংছ’ৰ কয়লাখনিত সংঘটিত দুৰ্ঘটনাৰ তদন্তৰ বাবে ন্যায়িক তদন্ত আয়োগ গঠন কৰিব চৰকাৰে

ৰাজ্য চৰকাৰে উমৰাংছ'ৰ তিন কিলো কয়লাখনিত সংঘটিত দুর্ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব। মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে উল্লেখ কৰে।

January 16, 2025 7:04 PM

views 16

উমৰাংছ’ৰ কয়লাখনিত নিহত আৰু সন্ধানহীন শ্ৰমিকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য চৰকাৰৰ

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে উমৰাংছ'ৰ তিন কিলো কয়লাখনিত নিহত ৪ জন শ্রমিকৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ'ব। সম্ভেদ নোপোৱা আন ৫ জন শ্রমিকৰ পৰিয়াললৈও ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয...

January 16, 2025 7:02 PM

views 10

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়ন-বিকাশৰ বাবে ২৯২ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মৰিগাঁও জিলাৰ উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্পত অনুমোদন জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মৰিগাঁও জিলাৰ উন্নয়ন আৰু বিকাশৰ বাবে মন্ত্রীসভাৰ বৈঠকত ২৯২ কোটি টকাৰ প্ৰকল্পৰ অনুমোদন জনায়। জোনবিল মেলাৰ স্থানত মঞ্চ নিৰ্মাণৰ বাবে ৫ কোটি টকা, মৰিগাঁৱৰ নতুন আৱৰ...

January 16, 2025 7:00 PM

views 9

ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত ২ হাজাৰ কোটি টকা, বিটিআৰৰ উন্নয়নৰ বাবে ৪০১ কোটি টকাৰ অনুমোদন

মৰিগাঁৱত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২ হাজাৰ কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত মহিলাসকলক তিনিটা পৰ্যায়ত ঋণ আৰু ৰাজসাহায্য প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীলৈ ৰাজসাহায্যযুক্ত ঋণ প্ৰদান কৰা হ'ব বুলি মুখ্যম...

January 16, 2025 6:57 PM

views 17

গোলাঘাটৰ বালিজানত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ ৰাজ্যিক অধিৱেশন

গোলাঘাট জিলাৰ বোকাখাতৰ বালিজান নতুন গাঁৱৰ বানেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ চতুৰ্দশ দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনৰ আয়োজন কৰা হৈছে। কৃষিমন্ত্রী তথা অধিৱেশন উদযাপন সমিতিৰ সভাপতি অতুল বৰাই কালি এই অধিৱেশনৰ প্রস্তুতি পর্যালোচনা কৰে। তেওঁ এই কাৰ্যসূচী নিয়াৰিক...

January 16, 2025 6:56 PM

views 28

কাইলৈ শিল্পী দিৱস; গোলাঘাটত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কাৰ্যসূচী

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শ্রদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি শিল্পী দিৱস উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত গোলাঘাটত দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী ড° অনিমা চৌধুৰী...

January 16, 2025 6:54 PM

views 9

বিছাৰজা বিছানং চিংফৌৰ মৃত্যু; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোকপ্ৰকাশ

চিংফৌ সমাজৰ মুৰব্বী তিনিচুকীয়া জিলাৰ লিডু বিছাগাঁও নিবাসী বিছাৰজা বিছানং চিংফৌৰ মৃত্যুত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। বিছাৰজা বিছানং চিংফৌৰ মৃত্যু চিংফৌ জনগোষ্ঠীৰ লগতে অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ...