গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱত এছিয়া মহাদেশৰ অন্তৰ্গত দেশসমূহৰ পৰা বাছনি লাভ কৰা চলচ্চিত্ৰসমূহৰ প্ৰদৰ্শন, সাংস্কৃতিক বিনিময় আৰু সৃষ্টিশীল বাৰ্তালাপৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইৰানৰ চলচ্চিত্ৰ পৰিচালক বাবা খাজেহপাছাৰ In The Arms of the tree শীৰ্ষক চলচ্চিত্ৰখনৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ শুভাৰম্ভ কৰা হ’ব। ইমতিয়াজ আলী, ৰীমা দাস, কবিৰ খান আৰু অ’নিৰ পৰিচালিত চলচ্চিত্র মাই মেলবৰ্ণৰ প্ৰদৰ্শনেৰে মহোৎসৱৰ সামৰণি পৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত মহোৎসৱৰ সঞ্চালক মনিতা বৰগোহাঁয়ে এই বিষয়ে প্রকাশ কৰে। এছীয় চলচ্চিত্ৰ মহোৎসৱত ইৰান, নেপাল, উজবেকিস্তান, কাজাখস্তান, হংকং, শ্রীলংকাকে ধৰি দহ খন ছবি নির্মাতা দেশৰ ১৮ খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব। ২০০ খনৰো অধিক চলচ্চিত্ৰৰ পৰা বাছনি সমিতিয়ে বাছনি কৰি উলিওৱা এই চলচ্চিত্ৰসমূহৰ ভিতৰত ১২ খন আন এছীয় দেশৰ আৰু ছখন বিভিন্ন ভাৰতীয় ভাষাৰ চলচ্চিত্ৰ। শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক প্ৰসন্ন ৱিথানাগে মহোৎসৱৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অসমৰ কেইবাগৰাকীও ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্র নির্মাতা, চলচ্চিত্ৰ সমালোচক আৰু জ্যেষ্ঠ সাংবাদিকে অনুষ্ঠানত অংশ ল’ব।
Site Admin | January 16, 2025 8:00 PM | ghy jypti chitraban guwahati asia film
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অহা ৭-৯ ফেব্ৰুৱাৰীলৈ প্ৰথমবাৰৰ বাবে গুৱাহাটী এছীয় চলচ্চিত্র মহোৎসৱ
