ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 28, 2024 7:48 PM | Pushan Maah | Udalguri

printer

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ওদালগুৰি জিলাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে আজি ওদালগুৰি জিলাতো সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। স্থানীয় লোক বিশেষকৈ মাতৃগোটসমূহক যোগ আৰু আয়ুস চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য গঢ় দিয়াৰ ক্ষেত্ৰত সজাগ কৰাৰ সমান্তৰালকৈ এই কাৰ্যসূচীত পুষ্টিকৰ খাদ্য, শিশু স্বাস্থ্য ইত্যাদি বিষয়ত প্রদর্শনীমূলক কাৰ্যসূচী হাতত লোৱা হয়। অনুষ্ঠানত ওদালগুৰিৰ শিশু উন্নয়ন প্রকল্প বিষয়াগৰাকীয়ে পোষণ মাহ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে।
ইফালে, সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিশু আৰু মহিলাৰ পৰিপুষ্টি সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে ৰাজ্যজুৰি অব্যাহত ৰথযাত্ৰা আজি তিনিচুকীয়া জিলাত প্ৰৱেশ কৰে। এই ৰথযাত্ৰাৰ জৰিয়তে জিলাখনৰ বিছাকুপি চাহ বাগিচা, দিয়ামূলী চাহ বাগিচা আৰু দৈ মুখীয়া চাহ বাগিচাত সজাগতা অভিযান চলোৱা হ’ব। আনহাতে তিনিচুকীয়া জিলাৰ মুঠ ১০ টা স্থান এই ৰথযাত্ৰাই পৰিভ্ৰমণৰ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।