October 1, 2024 10:25 AM

views 21

ৰাজ্যিক পোষণ মাহৰ আজি সামৰণি

■ ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি যোৱা এক ছেপ্তেম্বৰৰ পৰা উদযাপন কৰা ৰাজ্যিক পোষণ মাহৰ আজি সামৰণি পৰিব। গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'বলগীয়া সামৰণি অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ মুখ্য অতিথি, শ্ৰম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে বিধায়ক মৃণাল শ‍ইকীয়া আৰু বিশ্বজিৎ ফুকন উপস্থিত থাকিব।

September 28, 2024 7:48 PM

views 42

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ওদালগুৰি জিলাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে আজি ওদালগুৰি জিলাতো সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। স্থানীয় লোক বিশেষকৈ মাতৃগোটসমূহক যোগ আৰু আয়ুস চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য গঢ় দিয়াৰ ক্ষেত্ৰত সজাগ কৰাৰ সমান্তৰালকৈ এই কাৰ্যসূচীত পুষ্টিকৰ খাদ্য, শিশু স্বাস্থ্য ইত্যাদি বিষয়ত প্রদর্শনীমূলক কাৰ্যসূচী হাতত লোৱা হয়। অনুষ্ঠানত ওদালগুৰিৰ শিশু উন্নয়ন প্রকল্প বিষয়াগৰাকীয়ে পোষণ মাহ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। ইফালে, স...

September 16, 2024 7:34 PM

views 23

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত

সন্তান সম্ভৱা আৰু শিশুসকলৰ পুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে আজি বাক্সা জিলাৰ ৩১ নম্বৰ আঞ্চলিক অংগনবাড়ী কেন্দ্ৰত কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সন্তান সম্ভৱা আৰু শিশুসকলক পুষ্টিকৰ খাদ্য প্ৰদান কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও অংগনবাড়ী কর্মীয়ে অংশগ্ৰহণ কৰে।

September 16, 2024 7:28 PM

views 28

বোকাখাটৰ সাপজুৰিত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ

দেশজুৰি চলি থকা ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ লগত সংগতি ৰাখি আজি পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বোকাখাটৰ সাপজুৰিত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্থানীয় অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তথা সহায়িকাসকলৰ লগতে শিশু উন্নয়ন প্রকল্প বিষয়া, কৰ্মচাৰী, পৰিদৰ্শক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰে। মন্ত্ৰী শ্ৰীবৰাই অনুষ্ঠানত ভাষণ দি গৰ্ভৱতী মহিলাই লবলগীয়া সাৱধানতা আৰু সন্তানৰ লালন-পালনৰ ক্ষেত্ৰত থাকিবলগা সজাগতাত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত...

September 6, 2024 6:29 PM

views 17

যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ

সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ ২০২৪ৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্রালয়ে শিশু, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। পোষণ অভিযানৰ অধীনত বছৰৰ ছেপ্তেম্বৰ মাহটোত পোষণ মাহ হিচাপে পালন কৰা হয় বুলি প্ৰকাশ কৰি, পুষ্টিহীনতা দূৰীকৰণ সন্দৰ্ভ...

September 2, 2024 12:01 PM

views 53

অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ

■ দেশৰ বিভিন্ন অংশৰ লগতে অসমতো মহিলা আৰু শিশু বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি কালিৰে পৰা ৰাজ্যিক পোষণ মাহ আৰম্ভ হৈছে। শিশু, কিশোৰ-কিশোৰী, মাতৃ তথা গৰ্ভৱতী মহিলাৰ পুষ্টিহীনতা ৰোধৰ উদ্দেশ্যেৰে এই মাহ পালনৰ ব্যৱস্থা কৰা হৈছে। এই উপলক্ষে ঠায়ে ঠায়ে এক পেৰ মা কে নাম শীৰ্ষক কার্যসূচী অনুষ্ঠিত হয়। প্রধানমন্ত্ৰীয়ে মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণৰ বাবে জনোৱা আহ্বান অনুসৰি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি মৰিগাওঁৰ তৰুণৰাম ফুকন খেলপথাৰত মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ...

August 31, 2024 8:10 PM

views 26

গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি গুজৰাটৰ গান্ধীনগৰত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এইবাৰ এই কাৰ্যসূচীৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে ব্যাপক সজাগতা সৃষ্টিৰ লগতে পৰিপুষ্টি আৰু অধ্যয়ন, প্রযুক্তি নিৰ্ভৰ উদ্যমৰ সহায়ত তথা পৰিপূৰক আহাৰৰ দ্বাৰা দেশত পুষ্টিহীনতাৰ সমস্যা দূৰ কৰাৰ প্ৰয়াস কৰা হ'ব। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ কন্যা শিশু আৰি মহিলাসকলৰ স্বাস্থ্য উন্নত হ'লেহে বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱয়িত হ'ব। প্ৰধানমন্ত্ৰ...