ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাৰ নেচনেল এছেম্বলিত সাংসদসকলক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশখনৰ এছেম্বলিত ভাষণ দিয়াটো তেওঁৰ বাবে গৌৰৱৰ কথা। এংগোলাৰ এছেম্বলি তথা ইয়াৰ প্ৰতিনিধিসকল তথা দেশখনৰ স্বাধীনতা সংগ্ৰামে শান্তি আৰু গণতন্ত্ৰলৈ পৰ্যবেক্ষিত হোৱাটো দেশখনৰ বাবে এটা প্রশংসনীয় যাত্ৰা বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ভাৰত আৰু এংগোলাৰ মাজৰ কূটনৈতিক সম্বন্ধৰ ৪০ বছৰ হোৱা উপলক্ষে দেশখনৰ ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ তেওঁক আমন্ত্ৰণ কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল’ব। শ্ৰীমতী মুর্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটোৱে দুয়োখন দেশৰ পাৰস্পৰিক সম্বন্ধক উৎসাহিত কৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে শ্ৰীমতী মুৰ্মুৱে লোৱান্দাত থকা প্ৰতিৰক্ষা বাহিনীসমূহৰ সংগ্ৰহালয় পৰিদৰ্শন কৰে।

শ্ৰীমতী মুৰ্মুৱে আজি দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। এংগোলাত ভাৰতীয় সমুদায়ৰ প্ৰায় ৮ হাজাৰ লোক আছে। দেশখনৰ বিভিন্ন খণ্ডত বিশেষকৈ আতিথ্য, কৃষি, ভেষজ, খুচুৰা বজাৰ, প্লাষ্টিক, ধাতু আৰু হীৰা আদিৰ ক্ষেত্ৰত প্ৰায় ২০০ ভাৰতীয় কোম্পানী নিয়োজিত হৈ আছে।

উল্লেখযোগ্য যে, যোৱা শনিবাৰে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত বটছোৱানালৈ যাব। শ্ৰীমতী মুৰ্মুৱে বটছোৱানাৰা ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।