ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল’ব। শ্রীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে হোৱা আলোচনাত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক দেশ হিচাপে ভাৰতে এংগোলাৰ সৈতে সংসদীয় সহযোগিতা বৃদ্ধি কৰাৰ আশা কৰিছে বুলি উল্লেখ কৰে। তেওঁ গণতান্ত্রিক প্রতিষ্ঠানসমূহে নিজৰ নিজৰ অভিজ্ঞতাসমূহ পাৰস্পৰিক বিনিময়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে কালি দেশখনৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্রীমতী মুর্মুৱে আজি দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব। এংগোলাত ভাৰতীয় সমুদায়ৰ প্ৰায় আঠ হাজাৰ লোক আছে। দেশখনৰ বিভিন্ন খণ্ডত বিশেষকৈ আতিথ্য, কৃষি, ভেষজ, খুচুৰা বজাৰ, প্লাষ্টিক, ধাতু আৰু হীৰা আদিৰ ক্ষেত্ৰত প্ৰায় ২০০ ভাৰতীয় কোম্পানী নিয়োজিত হৈ আছে।
উল্লেখযোগ্য যে, যোৱা শনিবাৰে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওনা হোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত বটছোৱানালৈ যাব। শ্রীমতী মুৰ্মুৱে বটছোৱানাৰা ৰাষ্ট্ৰপতি ডুমা বকোৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
এই আফ্রিকীয় দেশ দুখনলৈ ভ্ৰমণ কৰা শ্ৰীমতী মুৰ্মু হৈছে প্ৰথমগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতি। ভাৰতে গোলকীয় দক্ষিণত শক্তিশালী অংশীদাৰিত্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই ভ্রমণে অৰিহণা যোগাব বুলি আশা কৰা হৈছে।