● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত হ’বলগীয়া আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ আধাৰত এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী জনমন আৰু ধৰতী আবা অভিযানৰ সহযোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী, কেন্দ্ৰীয় আৰু ৰাজ্যিক সচিব, জিলা দণ্ডাধীশ, মূল প্রশিক্ষক আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আদি সহযোগী প্রতিনিধিসকলে ভাগ ল’ব। এই সন্মিলনত জনজাতি গাঁও দর্শন ২০৩০, ধাৰণাৰ পৰা ৰূপায়ণলৈ শীৰ্ষক বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব। সন্মিলনত শিক্ষা আৰু দক্ষতা বিকাশ, স্বাস্থ্য আৰু পৰিপুষ্টি, জীৱন-ধাৰণ আৰু উদ্যোগী, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থা শক্তিশালীকৰণকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হ’ব।
Site Admin | October 17, 2025 12:37 PM | Akashvani | Droupadi Murmu | President of india
ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীত আদি কৰ্মযোগী অভিযানৰ ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব