প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ’ব। শ্রীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত।
Site Admin | December 26, 2025 8:13 PM | Akashvani | Akashvani News | Droupadi Murmu | PMO Modi | President of india
ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ