ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশি ভাষণ দিব। এয়া হ’ব ওড়িশা বিধানসভাক উদ্দেশি কোনো এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰথম ভাষণ। দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ যাবলগীয়া ৰাষ্ট্ৰপতি মুমুৱে ভ্ৰমণকালত ওড়িশা বিধানসভাৰ ১১ নম্বৰ কক্ষটো পৰিদৰ্শন কৰিব। শ্ৰীমতী মুমুৱে বিধায়ক হিচাপে কাৰ্য্য নিৰ্বাহ কৰাৰ সময়ত এই কক্ষটোৰ পৰাই কাম কৰিছিল। শ্ৰীমতী মুর্মু ২০০০ আৰু ২০০৪ চনত ওড়িশাৰ ময়ুভঞ্জ জিলাৰ ৰাইৰাংপুৰ বিধানসভা সমষ্টিৰ পৰা দুবাৰ নিৰ্বাচিত হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।