ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত শিল্পীৰ দলৰ সাক্ষাৎ‍

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি শিল্পীৰ এটা দলে ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ‍ কৰে। ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগৰ ২৯ জনীয়া শিল্পীৰ দলটোৱে যোৱা ১৪ জুলাইত আৰম্ভ হৈ আজি সমাপ্ত হোৱা কলা উৎসৱ ২০২৫ৰ দ্বিতীয় সংস্কৰণত অংশলগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰী মতী মুর্মুৱে শিল্পীসকলে এই সময়ছোৱাত সৃষ্টি কৰা চিত্ৰকলাসমূহৰ প্ৰদৰ্শনী প্ৰত্যক্ষ কৰে আৰু ছহৰাই, পাট্টাচিত্ৰ আৰু পাটুৱাকে ধৰি ভাৰতৰ পৰম্পৰাগত চিত্ৰকলাসমূহলৈ তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে।