ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত লাডাখৰ এদল মহিলা আৰু বয়োজ্যেষ্ঠক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ অংশ হিচাপে এই দলটোৱে ৰাষ্ট্ৰপতি ভৱন পৰিদৰ্শন কৰে।

মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতি খুৰেলসুখ উখ্না আজি ৪ দিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। কেন্দ্রীয় অসামৰিক বিমান পৰিবহন ৰাজ্যমন্ত্ৰী মুৰলীধৰ মোহলে তেখেতক বিমান বন্দৰত আদৰণি জনায়। মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ লগত দেশখনৰ কেবিনেট মন্ত্রী, সাংসদ, জ্যেষ্ঠ বিষয়া, বিশিষ্ট উদ্যোগী আৰু সাংস্কৃতিক প্ৰতিনিধিৰে গঠিত এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল আহিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি খুৰে সুখৰ ৰাষ্ট্ৰপতি হিচাপে এয়া প্ৰথমটো ভাৰত ভ্ৰমণ। ৪ দিনীয়া ভ্ৰমণকালত মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুক সাক্ষাৎ কৰিব । তেওঁ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাইলৈ বৈঠকত মিলিত হৈ দুয়োখন দেশৰ দ্বিপাক্ষিক সম্বন্ধ সম্পৰ্কে পৰ্যালোচনা কৰিব।

মঙ্গোলীয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে ভাৰত আৰু মঙ্গোলীয়াৰ মাজত থকা কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তোলা আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু বিশ্ব পৰ্যায়ৰ বিষয়সমূহৰ সম্পর্কে মত-বিনিময় কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব ৷