ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত

ৰাজ্যৰ ৫টা সমষ্টিত কালি অনুষ্ঠিত উপ-নির্বাচন সামগ্রিকভাৱে শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ অনুষ্ঠিত হয়। কোনো কোনো স্থানত দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হয় যদিও এনে ঘটনাই ভোটগ্রহণ প্ৰক্ৰিয়াত কোনো ধৰণৰ প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। নির্বাচন অনুষ্ঠিত বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই সমষ্টিৰ ভোটগ্রহণ কালি বিয়লি ৫ বজাত সামৰণি পৰে। চামগুৰি সমষ্টিত সৰ্বাধিক আৰু বঙাইগাঁও সমষ্টিত সর্বনিম্ন ভোটগ্রহণ হোৱা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। নির্বাচন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে চামগুৰি সমষ্টিত ৭৯ শতাংশ, বিহালী সমষ্টিত ৭৪ শতাংশ, ধলাই সমষ্টিত ৭৩ শতাংশ, চিদলী সমষ্টিত ৭৫ শতাংশ আৰু বঙাইগাঁও সমষ্টিত ৭২ শতাংশ ভোটদান হয়। কালি ভোটগ্ৰহণৰ লগে লগে ৩৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ই ভি এমত বন্দী হৈছে। ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ষ্ট্ৰং ৰূমত ৰখা হৈছে। আমাৰ চিৰাঙৰ সংবাদদাতাই জনোৱা অনুসৰি চিদলী বিধানসভা সমষ্টিত এইবাৰ তিনিগৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বিজেপিৰ নিৰ্মল কুমাৰ ব্ৰহ্মই ভৱানীপুৰ প্রাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত, বি পি এফৰ প্ৰাৰ্থী শুদ্ধ কুমাৰ বসুমতাৰীয়ে, পশ্চিম ঠুনকুবাৰী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ সঞ্জীৱ ওৱাৰীয়ে ৰুণীখাটা হাইস্কুল কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোত ২৭৩টা ভোটগ্রহণ কেন্দ্ৰত ভোটদান সম্পন্ন হয়।