ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত অনুষ্ঠিত প্রায় তিনি ঘণ্টাজোৰা আলোচনাত ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ সমাধানসূত্ৰৰ কাষ চাপি যোৱা বুলি প্ৰকাশ কৰিছে। দুয়োপক্ষই অৱশ্যে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। শ্ৰীট্রাম্পে এখন সংবাদ মেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকখন ফলপ্রসূ হোৱা বুলি অভিহিত কৰে। তেওঁ কয় যে বৈঠকত কেইবাটাও বিষয়ত ঐক্যমত্যত উপনীত হব পৰা গৈছে যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শ্ৰীট্টাম্পে শান্তি চুক্তি সন্দৰ্ভত কয় যে বৈঠক অতিকে ফলপ্রসূ আছিল আৰু এতিয়া ইয়াক আগবঢ়াই লৈ যোৱাটো ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ ওপৰত নিৰ্ভৰ কৰিব।
আলোচনাৰ অন্তত আয়োজিত সংবাদ মেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয় যে এই পথ অনুসৰণ কৰি শীঘ্ৰেই ইউক্রেইনৰ সংঘৰ্ষৰ সমাপ্তিত উপনীত হ’ব পৰা যাব বুলি বিশ্বাস কৰাৰ থল আছে। তেওঁ কয় যে ৰাছিয়াই সংঘৰ্ষৰ প্ৰাথমিক কাৰণসমূহ দূৰ কৰিব লাগিব। তেওঁ লগতে ইউক্রেইন আৰু ইউৰোপে আলোচনাত বাধাৰ সৃষ্টি কৰা উচিত নহয় বুলি সকিয়াই দিয়ে। ইউক্রেইনৰ পৰিস্থিতিত ৰাছিয়াৰ সুৰক্ষাৰ বাবে ভাবুকি বুলি অভিহিত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংঘৰ্ষ পৰিহাৰ কৰি আলোচনাৰ দিশে আগবঢ়াৰ সময় আহি পৰিছে। তেওঁ লগতে ২০২২ চনত শ্ৰীট্রাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থাকিলে ইউক্রেইনৰ যুদ্ধ হবলৈ নাপালেহেঁতেন বুলিও মন্তব্য কৰে। শ্রীপুটিনে মস্কোত ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে নতুন ঠাই সুনিশ্চিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ইপিনে ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কৈছে যে যুদ্ধবিৰতি হ’লে ব্ৰিটেইন আৰু সহযোগী দেশসমূহে ইউক্রেইনৰ সুৰক্ষাৰ বাবে দেশখনলৈ সেনা প্ৰেৰণ কৰিবলৈ সাজু আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।