December 4, 2025 11:50 AM

views 28

২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব ভ্লাডিমী পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। ৰাষ্ট্রপতি পুটিনে কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মুৱে...

September 5, 2025 9:12 PM

views 52

ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ’বঃ ভ্লাডিমিৰ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে এদিন পূর্বে ইউক্রেইনক ২৬খন দেশে সুৰক্ষা নিশ্চয়তা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে ভ্লাডিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত এখন অর্থনৈতিক মঞ্চত আজি এই কথা ঘোষণা কৰে। তেওঁ লগতে এই কথাও কয় যে নাটোৱে কীভক সদস্য হিচাপে গ্ৰহণ কৰাৰ লগতে ইউক্রেইনত সেনা নিয়োগ কৰাৰ বাবেই ৰাছিয়াই ইউক্রেইন আক্ৰমণ কৰিছিল।

August 18, 2025 8:38 PM

views 21

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ফোন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী আলাস্কাত অলপতে মিলিত হোৱা সন্দৰ্ভত তেওঁক অৱগত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে কয়, যে ভাৰতে ইউক্রেইনৰ সৈতে সংঘাট শান্তিপূর্ণভাৱে অৱসান হোৱাৰ ক্ষেত্ৰত আহ্বান জনাই আহিছে আৰু এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ধৰণৰ সমৰ্থন আগবঢ়াব। শ্রীমোদীয়ে কয় যে অনাগত দিনতো ৰাছিয়াৰ ৰাষ্ট...

August 16, 2025 8:54 PM

views 49

শান্তি প্ৰতিষ্ঠাৰ বাবে আমেৰিকা-ৰাছিয়া উভয় দেশৰ নেতৃত্বক প্রশংসা ভাৰতৰ

ভাৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলাস্কাত অনুষ্ঠিত বৈঠকক আদৰণি জনাইছে আৰু কৈছে যে, শান্তি প্ৰতিষ্ঠাৰ বাবে উভয় দেশৰ নেতৃত্ব প্রশংসনীয়। বৈদেশিক মন্ত্ৰালয়ে বৈঠকত হোৱা আলোচনাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু কয়, যে কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে শান্তি প্রতিষ্ঠা সম্ভৱ। মন্ত্ৰ্যালয়ে কয়, যে সমগ্র বিশ্বই অতি শীঘ্ৰেই ইউক্রেইনৰ সংঘৰ্ষ সমাপ্ত হোৱাটো বিচাৰে। ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে যুদ্ধ সমাপ্ত কৰাৰ বাবে ইউক্রেইনে ৰাছিয়াৰ সৈতে বুজাবুজি কৰা উচিত ...

August 16, 2025 6:26 PM

views 68

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত অনুষ্ঠিত প্রায় তিনি ঘণ্টাজোৰা আলোচনাত ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ সমাধানসূত্ৰৰ কাষ চাপি যোৱা বুলি প্ৰকাশ কৰিছে। দুয়োপক্ষই অৱশ্যে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। শ্ৰীট্রাম্পে এখন সংবাদ মেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকখন ফলপ্রসূ হোৱা বুলি অভিহিত কৰে। তেওঁ কয় যে বৈঠকত কেইবাটাও বিষয়ত ঐক্যমত্যত উপনীত হব পৰা গৈছে যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শ্ৰীট্টাম্পে শান্ত...

July 10, 2024 12:30 PM

views 36

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্রুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি ন'ৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্টাই কয় যে প...