৪ দিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাৰিদিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সন্ধিয়া গোৱাত উপস্থিত হ’ব। শ্ৰীমতী মুৰ্মুৱে পৰহিলৈ কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। ইয়াৰ পাছদিনা তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ’ আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল’ব। একে দিনাই তেওঁ এম আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাৰ আন্তঃৰাজ্য জনসাংস্কৃতিক সমাগম সমাৰোহ-কার্তিক যাত্ৰাত সম্বোধন কৰিব।