৩ দিনীয়া ভ্ৰমণসূচীৰে চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব ৰাষ্ট্ৰপতি মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি চত্তিশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ’ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব।

ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মুৱে তেলেংগানাৰ চিকন্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ ২০২৫ মুকলি কৰিব। ভাৰতীয় কলা মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ চহকী সাংস্কৃতিক ৰন্ধন আৰু কলাত্মক পৰম্পৰাৰ বিষয়ে আলোকপাত কৰা হ’ব। পৰহিলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থিৰ প্রশান্তি নিলয়মত শ্রীসত্য সাইবাবাৰ শতবার্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিশেষ অধিবেশনত উপস্থিত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।