২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মহিলাসকলৰ সক্ৰিয় অংশগ্রহণ জৰুৰী বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৱে মন্তব্য কৰিছে। কেৰালাৰ এনাকুলামত আজি ছেইণ্ট টেৰেছা মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মৱে কয় যে মহিলাৰ নেতৃত্বৰ সমাজ অধিক মানৱীয় আৰু ফলপ্ৰসূ হ’ব।
ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত ৰাষ্ট্রগঠন আৰু আৰ্থসামাজিক সংস্কাৰৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰা কেৰালাৰ মহিলাসকলৰ কথা স্মৰণ কৰে। বিগত কেইবা দশকো ধৰি মহিলাসকলক শিক্ষিত আৰু সবল কৰি তোলাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে চলোৱা প্ৰচেষ্টাৰ তেওঁ শলাগ লয়। তেওঁ লগতে মহাবিদ্যালয়খনৰ শতবাৰ্ষিকীৰ প্ৰতীকচিহ্ন উন্মোচন কৰে।
 
									