ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ধানবাদস্থিত ভাৰতীয় খনি বিদ্যালয়, আই আই টি-আই এছ এম, ধানবাদৰ ৪৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি শ্ৰীমতী মুৰ্মুৱে প্ৰতিষ্ঠানখনৰ কৃতি শিক্ষাৰ্থীসকলক এই আহ্বান জনায়। অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে এগৰাকী ছাত্ৰক ৰাষ্ট্ৰপতিৰ সোণৰ পদক প্রদান কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ প্ৰতিষ্ঠাৰ গৌৰৱপূৰ্ণ শতবৰ্ষ উপলক্ষে এটা স্মাৰক ডাক টিকট মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীমতী মুৰ্মুৱে কয় যে ব্যাপক মানৱ সম্পদেৰে ভাৰত অধিক শক্তিশালী দেশ হিচাপে উদ্ভাসিত হৈ উঠিছে। প্ৰযুক্তিৰ শিক্ষা আৰু ব্যাপক ডিজিটেল সাক্ষৰতাৰে ভাৰত প্ৰযুক্তিগত ছুপাৰ পাৱাৰ হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে দেশৰ শিক্ষা ব্যৱস্থা অধিক বাস্তৱিক, উদ্ভাৱন আৰু উদ্যোগৰ বাবে সুচল কৰি তুলি দেশৰ যুৱ প্ৰজন্মৰ মেধাক সঠিক দিশত ব্যৱহাৰ কৰিলে গোলকীয় পৰ্যায়ৰ বাবে সাজু কৰিব পৰা যাব। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যপাল সন্তোষ গাংৱাৰো উপস্থিত থাকে।
Site Admin | August 1, 2025 8:09 PM | Akashvani Guwahati | Akashvani News | Droupadi Murmu | President of india
২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান
