সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে পৰিষদৰ অধীনৰ ৩২ টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। আয়োগে সদৰি কৰা তথ্য অনুসৰি উজনি অসমৰ ৭ খন জিলাৰ ৩২ টা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা ২ লাখ ৯৩ হাজাৰ ৯১৪। ইয়াৰে ১ লাখ ৪৫ হাজাৰ ৩০৭ জন পুৰুষ আৰু ১ লাখ ৪৮ হাজাৰ ৬০৬ গৰাকী মহিলা ভোটদাতা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।