ডাউনলোড
মোবাইল এপ

android apple
signal

সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে। দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰা উচ্চতম ন্যায়ালয়ৰ ৫ গৰাকী ন্যায়াধীশৰ দলটোক নেতৃত্ব তেওঁ গোষ্ঠীগত সংঘৰ্ষই প্ৰভাৱিত কৰা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত নিজৰ মত প্রকাশ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত তেওঁলোকে চূড়াচান্দপুৰ আৰু বিষ্ণুপুৰৰ সাহায্য শিবিৰত আশ্রয় গ্রহণ কৰি থকা লোকসকলৰ সৈতে মত বিনিময় কৰি উপলব্ধি কৰিছে যে দুয়োটা সম্প্ৰদায়ৰ লোকসকলে সাম্প্রতিক পৰিস্থিতিৰ অৱসান ঘটাই শান্তিৰে বসবাস কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে। একতা আৰু সাংবিধানিক উপায়ৰ জৰিয়তে স্বাভাবিক অৱস্থা ঘুৰাই আনিব পৰা যায় বুলি তেওঁ মত প্রকাশ কৰে। দলটোৱে আজি তেওঁলোকৰ ভ্ৰমণ সামৰি চূড়াচান্দপুৰ জিলাত ভার্চুৱেল পদ্ধতিৰে আইনী সেৱা, এটা চিকিৎ‍সা শিবিৰ আৰু আইনী সাহায্য কেন্দ্ৰ মুকলি কৰে। ইতিমধ্যে কেন্দ্রীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে সম্প্রতি অব্যাহত থকা শান্তি প্রচেষ্টাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে পৰিস্থিতি উন্নত হৈছে যদিও এই প্রগতি অব্যাহত থাকিব লাগিব। মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পাছত ৰাজ্যখনত শান্তি ওভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰে। মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উদযাপন অনুষ্ঠানত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক