March 23, 2025 7:53 PM

views 46

সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাই

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গৱাইয়ে আজি কয় যে সাংবিধানিক উপায়েৰে সকলো সমস্যা সমাধান কৰিব পাৰি। ইম্ফলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ দ্বাদশ বার্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ন্যায়াধীশগৰাকীয়ে আলোচনাৰ শক্তি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে সকলো পক্ষ আগবাঢ়ি আহিলে সমাধান সম্ভৱ হৈ উঠে। দুদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰা উচ্চতম ন্যায়ালয়ৰ ৫ গৰাকী ন্যায়াধীশৰ দলটোক নেতৃত্ব তেওঁ গোষ্ঠীগত সংঘৰ্ষই প্ৰভাৱিত কৰা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত নিজৰ মত প্রকাশ কৰে। তেওঁ কয় যে এই ভ্...